খবৰদাৰ ভাইজান!

মুম্বাই যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক হোৱাটছএপযোগে প্ৰেৰণ কৰিছিল এই ভাবুকি।

author-image
Asomiya Pratidin
New Update
খবৰদাৰ ভাইজান!

ডিজিটেল ডেস্কঃ এটা ভাবুকি ভৰা বাৰ্তাই খলকনি তুলিছে বলিউড জগত তথা মুম্বাই প্ৰশাসনৰ মাজত। হোৱাটছএপযোগে পোৱা বাৰ্তাটোত উল্লেখ আছে যে, "যদিহে লৰেন্স বিষ্ণৈৰ সৈতে হোৱা বিবাদৰ অন্ত পেলাব বিচাৰিছে তেন্তে অভিনেতা ছলমান খানে দিব লাগিব ৫ কোটি টকা। এই ধনৰাশি নিদিলে ছলমানৰ অৱস্থা বাবা ছিদ্দিকীতকৈ অধিক ভয়াৱহ হ’ব। এই বাৰ্তাক সহজভাৱে নল’ব"।

Advertisment

উল্লেখ কৰা প্ৰয়োজন, এই বাৰ্তা প্ৰেৰণ কৰা জনে নিজক বিষ্ণৈ গেঙৰ সদস্য বুলি দাবী কৰিছে। মুম্বাই যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক হোৱাটছএপযোগে প্ৰেৰণ কৰিছিল এই ভাবুকি। ইতিমধ্যে বাৰ্তা প্ৰেৰণকাৰীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে।

উল্লেখ্য যে, বিগত বহু সময়ত বিষ্ণৈ গেঙৰ পৰা প্ৰাণে মৰা ভাবুকিৰ সন্মুখীন হৈ আহিছে অভিনেতা ছলমান খান। ১৪ এপ্ৰিলত বান্দ্ৰাস্থিত অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত দুজন শ্বুটাৰে গুলীচালনা কৰিছিল। এই ঘটনাৰ কেইটামান মাহৰ পিছতে ছলমান খানৰ অতি ঘনিষ্ঠ তথা এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।

ইতিমধ্যে বাৰ্তা প্ৰেৰকৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। অভিনেতা খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলাৰ লগতে ছলমান খানক Y+ নিৰাপত্তা প্ৰদান কৰা হৈছে। মুম্বাই আৰক্ষীয়ে গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰতো মুখ চিনাক্তকৰণ প্ৰযুক্তিৰে সজ্জিত এআই সক্ষম হাই ৰিজ’লিউচন চিচিটিভি কেমেৰা সংস্থাপন কৰিছে।

Also Read: বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী গোচৰ সন্দৰ্ভত ডিব্ৰুগড়লৈ ৰাওনা চিবিআইৰ দল...

lawrence bishnoi salman khan bollywood