সাহিত্যিক উপেন্দ্ৰ বৰকটকীক সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণি বঁটা-২০২২ প্ৰদান...

উল্লেখ্য যে,সাহিত্যৰ জৰিয়তে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীক এই বঁটা প্ৰদান কৰা হয়
সাহিত্যিক উপেন্দ্ৰ বৰকটকীক সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণি বঁটা-২০২২ প্ৰদান
সাহিত্যিক উপেন্দ্ৰ বৰকটকীক সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণি বঁটা-২০২২ প্ৰদান

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ বিশিষ্ট সাহিত্যিক,নিবন্ধকাৰ উপেন্দ্ৰ বৰকটকীক মঙলবাৰে প্ৰদান কৰা হয় সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণি বঁটা-২০২২ । ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক বৰকটকীক এই বঁটা প্ৰদান কৰা হয় ।

উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান "অনুপ্ৰেৰণা"ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদানৰ অনুষ্ঠানত সাহিত্য-সমালোচক প্ৰভাত বৰা, বিশিষ্ট কবি ড৹ শৰৎ বৰকটকী, সাহিত্যিক পেঞ্চনাৰ মনোমতী কুৰ্মী,সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ সুযোগ্য সন্তান ডাঃ প্ৰমেশ কুমাৰ শৰ্মা আদি উপস্থিত থাকে ।

উল্লেখ্য যে,সাহিত্যৰ জৰিয়তে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীক এই বঁটা প্ৰদান কৰা হয় ।

আৰু পঢ়কঃ সতীৰ্থ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল গকুলৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in