/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/99d13236-284c-4325-bfd3-eecce5308e8f/10.jpg)
ডিজিটেল সংবাদ, টংলাঃ বড়ো ভাষাত ‘ছৈখলুম’ শীৰ্ষক চুটি গল্প সংকলনৰ বাবে ছেল্ফমেড ৰাণী বড়োৱে লাভ কৰিছে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ ২০২৪। এই বৰ্ষৰ সাহিত্য একাডেমী বঁটাৰ বাবে বড়ো ভাষাৰ যুৱ সাহিত্যিক ছেল্ফমেড ৰাণী বড়ো নিৰ্বাচিত হোৱাৰ খবৰে সাহিত্যিকগৰাকীৰ বাসগৃহত গুণমুগ্ধই ভিৰ কৰাৰ লগতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷
১৯৭৭ চনৰ ২ জুনত জন্মগ্ৰহণ কৰা ৰাণী বড়ো ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ নিকটৱৰ্তী ১নং শিমলুবাৰীৰ গাঁও নিবাসী। পিতৃ দেহীৰাম বড়ো পেছাত তৰণী আৰু মাতৃ প্ৰমিলা বড়ো গাঁৱৰ চ’কত শাক-পাচলিৰ দোকান দি পৰিয়ালক আৰ্থিকভাৱে সহায় কৰে। পৰিয়ালৰ মাজু কন্যা ৰাণী বড়ো অসম সচিবালয়ৰ বড়ো ভাষাৰ অনুবাদকৰূপে কৰ্মৰত। ছেল্ফমেড ৰাণী বড়োয়ে বৰ্তমানলৈ লাফি নজেৰ খিথেৰ(২০১৮), উনদাহানী অ’ৰ(২০০০) আৰু ছাইখ্লুম (২০২২) নামৰ তিনিখনকৈ গ্ৰন্থ লিখি উলিয়াইছে।
Also Read: ‘বুহুমা বৈনিবৌ’ কবিতা পুথিৰ বাবে ভাৰ্জিন জেকোভা মুছাহাৰীলৈ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা...