‘বুহুমা বৈনিবৌ’ কবিতা পুথিৰ বাবে ভাৰ্জিন জেকোভা মুছাহাৰীলৈ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা...

‘বুহুমা বৈনিবৌ’ কবিতা পুথিৰ বাবে ভাৰ্জিন জেকোভা মুছাহাৰীলৈ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা...

author-image
Asomiya Pratidin
New Update
‘বুহুমা বৈনিবৌ’ কবিতা পুথিৰ বাবে ভাৰ্জিন জেকোভা মুছাহাৰীলৈ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ  সাহিত্য একাডেমীয়ে ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ শিশু সাহিত্য পুৰস্কাৰ।  বড়ো ভাষাত ‘বুহুমা বৈনিবৌ’ শীৰ্ষক কবিতা সংকলনৰ বাবে ভাৰ্জিন জেকভা মাছাহাৰীয়ে লাভ কৰিছে সাহিত্য অকাডেমী শিশু সাহিত্য পুৰস্কাৰ ২০২৪। বড়ো ভাষাৰ শিশু কবিতা পুথি "বহুমা বৈনিব" (পৃথিৱী সকলোৰে) সাহিত্য একাডেমীৰ শিশু সাহিত্য শিতানত বঁটাৰ বাবে নিৰ্বাচিত হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে ।

Advertisment

উল্লেখ্য যে ভাৰ্জিন জেকোভা মুছাহাৰীৰ দ্বাৰা ৰচিত "বহুমা বৈনিব" নামৰ শিশু কবিতা সংকলনখন ২০১৯ চনত বড়ো সাহিত্য সভাই প্ৰকাশ কৰিছিল। উক্ত কবিতা সংকলনটোত সৰ্বমুঠ ৮২ টা কবিতা আছে। ভাৰ্জিন জেকোভা মুছাহাৰীৰ ইতিমধ্যে ৪খন কবিতা পুথি প্ৰকাশ পাইছে আৰু এখন প্ৰকাশৰ পথত আছে ।

ইপিনে শিশু সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত ভাৰ্জিন জেকোভা মুছাহাৰীয়ে নতুন প্ৰজন্মলৈ "আহক- পঢ়ক -লিখক" বুলি আহ্বান জনাইছে। নিজে লিখিলেও বেলেগৰ লিখনিও পঢ়িব লাগে বুলি মন্তব্য কৰি ভাৰ্জিন জেকোভা মুছাহাৰীয়ে নতুন প্ৰজন্মৰ লিখা পঢ়াৰ প্ৰতি ধাউতি কম বুলি মন্তব্য কৰিছে ।

প্ৰণিধানযোগ্য যে ভাৰ্জিন জেকোভা মুছাহাৰীৰ কোকৰাঝাৰ সদৰ চহৰৰ মাইবং নগৰৰ ৫নং ৱাৰ্ডৰ বাসিন্দা আৰু কোকৰাঝাৰ জিলা উপভোক্তা বিবাদ নিবাকৰণ আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ট সহকাৰী। তেওঁৰ স্বামী সমৰেন্দ্ৰ বসুমতাৰী তাৰংগুৰী এম ই স্কুলৰ প্ৰধান শিক্ষক আৰু তেওঁলোকৰ দুটি সন্তান আছে ।

Also Read: NEET-UG ৰ প্ৰশ্ন কাকতো হৈছিল নেকি ফাদিল? ৯ শিক্ষাৰ্থীলৈ SIT ৰ চমন জাৰি...

sahitya akademi kokrajhar