গল্পকাৰ মনোজ কুমাৰ গোস্বামী, কবি ৰশ্মি চৌধুৰী,অধ্যাপিকা ড০ জুৰী দত্তলৈ সাহিত্য অকাডেমী বঁটা...

গল্পকাৰ মনোজ কুমাৰ গোস্বামী, কবি ৰশ্মি চৌধুৰী,অধ্যাপিকা ড০ জুৰী দত্তলৈ সাহিত্য অকাডেমী বঁটা...
গল্পকাৰ মনোজ কুমাৰ গোস্বামী, কবি ৰশ্মি চৌধুৰী,অধ্যাপিকা ড০ জুৰী দত্তলৈ সাহিত্য অকাডেমী বঁটা...

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ সাহিত্য একাডেমী বঁটা। অসমীয়া সাহিত্যৰ শিতানত জ্যেষ্ঠ সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে তেওঁৰ 'ভুল সত্য' গ্ৰন্থৰ বাবে লাভ কৰিছে সাহিত্য অকাডেমী বঁটা।

একেদৰে বড়ো ভাষাৰ শিতানত ৰশ্মি চৌধুৰীয়ে লাভ কৰিছে এই বঁটা। চৌধুৰীয়ে তেওঁৰ কাব্যগ্ৰন্থ চানচিনি মদিৰা কাব্য সমগ্ৰৰ বাবে লাভ কৰিছে এই বঁটা। আনহাতে অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমী লাভ কৰিছে ৰাজা দেৱজিৎ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, অনুবাদক ড০ জুৰী দত্তই।

উল্লেখ্য যে 'সমীৰণ বৰুৱা আহি আছে' গল্পৰ যোগেদি গল্পকাৰ হিচাপে জনপ্ৰিয়তা লাভ কৰা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গল্প সংকলন হৈছে ''মই ৰাজেন বৰুৱাক সমৰ্থন কৰোঁ'', ''ইশ্বৰহীনতা'', ''স্বাধীনতা'', ''এলুমিনিয়ামৰ আঙুলি'' আদি। শেহতীয়াকৈ তেওঁৰ ইংৰাজী গল্প সংকলন 'মাপেট এণ্ড আডাৰ ষ্টৰীজ' উন্মোচন কৰিছিল কিম্বদন্তি সাহিত্যিক ৰাস্কিন বণ্ডে।

আনহাতে বড়ো ভাষাৰ শিতানত সাহিত্য অকাডেমী লাভ কৰা ৰশ্মি চৌধুৰী এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। তেওঁ মথাথুলি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। বাক্সা জিলাৰ বৰমাত জন্মগ্ৰহণ কৰা ৰশ্মি চৌধুৰীয়ে বড়ো ভাষাত দীৰ্ঘদিনৰ পৰা কাব্য চৰ্চা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in