আকৌ আহিছে কোভিড ! আঁৰত আছে নেকি ৰাজনীতি? সৰ্বত্ৰে চৰ্চা...
আকৌ আহিছে কোভিড ! আঁৰত আছে নেকি ৰাজনীতি? সৰ্বত্ৰে চৰ্চা...

আকৌ আহিছে কোভিড ! আঁৰত আছে নেকি ৰাজনীতি? সৰ্বত্ৰে চৰ্চা...

ডিজিটেল ডেস্কঃ আকৌ কোভিড ! কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কোভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ সতৰ্কতা জাৰি কৰিছে। কিন্তু এইবাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এই সতৰ্কতাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে কিছু প্ৰশ্নৰ।

ৰাজনৈতিক নেতা, বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণৰ মনলৈ অহা এই প্ৰশ্নৰ উত্তৰ অৱশ্যে এতিয়ালৈ পোৱা নাই। কোভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এনে সময়ত সতৰ্কতা জাৰি কৰিছে, যি সময়ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাই এটা পৰ্যায়ত উপনীত হৈছে।

দেশৰ জনতাই এই ভাৰত জোড়ো যাত্ৰালৈ সহাৰি স্বত্বঃস্ফূৰ্ত সহাৰি দিবলৈ আৰম্ভ কৰিছে। বলিউডৰ শিল্পী, বিৰোধী ৰাজনৈতিৰ নেতা, ক্ৰীড়াবিদৰ পৰা আৰম্ভ কৰি অৰ্থনীতিবিদলৈ সকলো ওলাই আহি এই যাত্ৰাত চামিল হৈছে।

আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনেও এই যাত্ৰালৈ সহাৰি জনাই ৰাহুল গান্ধীৰ সৈতে যাত্ৰাত চামিল হৈছে। যাৰ বাবে দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে। ৰঘুৰাম ৰাজনৰ ভাৰত জোড়ো যাত্ৰাত চামিল হোৱা বিষয়টোৱে সৰ্বসাধাৰণৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

দৰাচলতে কোভিড-১৯ ক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ আঁৰত এখন চিঠি। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই মঙ্গলবাৰে সাংসদ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছিল এখন চিঠি।

যিখন চিঠিত তেওঁ ভাৰত জোড়ো যাত্ৰাত চামিল হোৱা লোকসকলক মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিবলৈ কৈছিল। চিঠিখনত ভেকচিন লোৱা লোকসকলকহে ভাৰত জোড়ো যাত্ৰাত চামিল কৰাৰ কথা কোৱা হৈছিল।

চিঠিখনত কোৱা হৈছিল ভাৰত জোড়ো যাত্ৰাত চামিল হোৱা লোকসকলক যাত্ৰাত চামিল হোৱাৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত আইছ'লেট কৰাৰ কথা। আৰু এইবোৰ যদি সম্ভৱ নহয় তেন্তে ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত জোড়ো যাত্ৰা স্থগিত ৰখাৰবাবে কোৱা হৈছিল।

চিঠিখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে- জুলাই, ছেপ্টেম্বৰ আৰু নৱেম্বৰত গুজৰাট আৰু উৰিষ্যাত অ'মিক্ৰন চাব ভেৰিয়েণ্ট বি এফ.৮ ত আক্ৰান্ত হোৱা লোক চিনাক্ত কৰা হৈছে। এই সময়ছোৱাত ৪ জন লোকৰ দেহত কোভিডৰ এই প্ৰকাৰ পোৱা গৈছিল। তেওঁ কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি সময়ৰ কথা চিঠিখনত উল্লেখ কৰিছে সেই সময়ত গুজৰাট আৰু হিমাচলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তীব্ৰতৰ হৈ আছিল। খোদ প্ৰধানমন্ত্ৰীয়ে কোনো কোভিড প্ৰ'টকল অনুসৰণ নকৰাকৈ উলিয়াইছিল ধাৰাবাহিক ৰেলী।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ২১ নৱেম্বৰত এক বৈঠকত মিলিত হৈ কোভিড-১৯ ৰ গাইডলাইন প্ৰকাশ কৰিছিল। সেই গাইডলাইনত কোৱা হৈছিল আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলক ভেকচিন আৰু মাস্ক পৰিধান কৰাটো অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছিল।

বাধ্যমতামূলক কৰা হোৱা নাছিল। সেই সময়ত গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতা, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে এই দুই ৰাজ্যত বহু বিশাল ৰেলী বাহিৰ কৰিছিল।

একেদৰে আম আদমী পাৰ্টী, কংগ্ৰেছেও বাহিৰ কৰিছিল বিশাল ৰেলী। সেই সময়ত কোভিড-১৯ সম্পৰ্কীয় কোনো গাইড লাইন মানি চলা হোৱা নাছিল বা তেনে গাইডলাইন মানিচলিবলৈও স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰা হোৱা নাছিল।

দুই ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে পুনৰ কোভিড-১৯ সম্পৰ্কীয় কথা-বতৰাৰ চৰ্চা আৰম্ভ হোৱাত স্বাভাৱিকতেই ইয়াৰ আঁৰত ৰাজনীতিৰ গোন্ধ পাইছে সৰ্বসাধাৰণেও। কংগ্ৰেছ নেতা প্ৰাক্তনমন্ত্ৰী জয়ৰাম ৰমেশে বৃহস্পতিবাৰে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ ইয়াত ৰাজনীতিৰ গোন্ধ পাইছে। তেওঁ ভাৰত জোড়ো যাত্ৰা দিল্লীত প্ৰৱেশ কৰাৰ পূৰ্বে কোভিডৰ এই সতৰ্কতা জাৰি কৰাঁৰ আৰত বিচাৰি পাইছে chronology চীনত কোভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি খবৰ প্ৰকাশ পাইছে। চীনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি ভাৰতীয় বিশেষজ্ঞই দৃঢ়তাৰে কৈছে আতংকিত হোৱাৰ প্ৰয়োজন নাই। সাৱধানতা অৱলম্বন কৰিলেই হ'ল।

আনহাতে উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন শিৱসেনাই স্পষ্ট অভিযোগ উত্থাপন কৰিছে, ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিবলৈ মোডী চৰকাৰে পুনৰ কোভিডৰ আতংক বিয়পাই দিছে। শিৱসেনাৰ মুখপত্ৰ সামানৰ সম্পাদকীয়ত কৈছে, "স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই ভাৰত জোড়ো যাত্ৰাত কোভিড প্ৰট'কল অনুসৰণ কৰিবলৈ বা পদযাত্ৰা স্থগিত ৰখাৰ পৰামৰ্শ দিছে। ৰাহুল গান্ধীয়ে তেওঁৰ ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ কৰিছে। এই সময়তো এই যাত্ৰাই ব্যাপক সমৰ্থন লাভ কৰিছে। চৰকাৰে ইয়াক আইনৰ দ্বাৰা বা ষড়যন্ত্ৰৰ দ্বাৰা বন্ধ কৰিব নোৱাৰিলে সেয়েহে এনে লাগে যে, কেন্দ্ৰীয় চৰকাৰে 'কোভিড-১৯' ভাইৰাছ মুকলি কৰিছে।"

ইয়াৰোপৰি সামানৰ সম্পাদকীয়ত অতি তীক্ষ্ণ শব্দৰে কৈছে- "ভাৰত জোড়ো যাত্ৰাৰ ভিৰৰ বাবে কোভিডৰ ক্ষেত্ৰত বৃদ্ধি হোৱাৰ আশংকা সঠিক। কিন্তু তিনি বছৰ আগতে, যেতিয়া কোৰোনাই ধ্বংসযজ্ঞ চলাইছিল, আপুনিয়েই সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক গুজৰাটলৈ আমন্ত্ৰণ জনাইছিল আৰু তেওঁৰ সন্মানত লাখ লাখ লোকক একত্ৰিত কৰিছিল।"

একেদৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও কোভিডক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা কৰিছে। তেওঁ কৈছে, ভাৰত জোড়ো যাত্ৰাত তেওঁলোকৰে (বিজেপি)ৰ কিয় আপত্তি আছে? তেওঁলোকে নিজেই কিয় শোভাযাত্ৰা বাহিৰ কৰি থাকে?

ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়াঃ

ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহনকৰা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যৰ পত্ৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, এয়া কেৱল এক অজুহাত। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা কাশ্মীৰলৈকে যাব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোভিড আহিছে বুলি চিঠি লিখি এই যাত্ৰা বন্ধ কৰিব কৈছে। এই সকলো অজুহাত। তেওঁলোকে (বিজেপি)য়ে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজৰ শক্তি আৰু সত্যক লৈ ভয় খাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in