সোণাৰিত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন...

সোণাৰিত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন...
সোণাৰিত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন...

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ সোনাৰিত চৰাইদেউ জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু সোনাৰি আঞ্চলিক ছাত্র সন্থাৰ সহযোগত আজি দিনজোৰা কাৰ্য্যসূচীৰে কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে ।

পুৱা সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই, শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই। আনহাতে খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্যই ।

ইয়াৰ পাছতে এন চি চিৰ দলে অভিবাদন জনায় । ইয়াৰ পিচতে বিভিন্ন স্থানত ৮৬০ গচি বন্তি প্ৰজ্বলন কৰা হয় ৷ য'ত বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি তথা ৰাইজে অংশগ্ৰহণ কৰে ৷ সৰ্বধৰ্ম প্ৰাৰ্থনা পাছতে দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in