আজি ওজা হেচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্ম জয়ন্তী...

আজি ওজা হেচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্ম জয়ন্তী...
আজি ওজা হেচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্ম জয়ন্তী...

ডিজিটেল ডেস্কঃ আজি ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মজয়ন্তী। ১৮৩৫চনৰ ১০ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম গ্ৰহণ কৰিছিল এইগৰাকী মহান অসমীয়াই। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী

ওজা হেমচন্দ্ৰ বৰুৱাই তাহানিতেই নানান প্ৰতিকূলতাক নেওচি অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়াই থৈগৈছিল বিশেষ অৱদান। তেওঁ অসমীয়া ভাষাৰ পূৰ্ণাংগ অভিধান হেমকোষৰ উপৰিও অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম, কানীয়া কীৰ্তন আদি বিভিন্ন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।

আজীৱন কু সংস্কাৰৰ বিৰুদ্ধে মাত মাতি যোৱাৰ লগতে বিভিন্ন পদক্ষেপ হাতত লোৱা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্মজয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in