এদিনত ১৫লাখ টকা! ইমান টকা কেনেকৈ উপাৰ্জন কৰে শচীন তেণ্ডুলকাৰে...

এদিনত ১৫লাখ টকা! ইমান টকা কেনেকৈ উপাৰ্জন কৰে শচীন তেণ্ডুলকাৰে...

author-image
Asomiya Pratidin
New Update
এদিনত ১৫লাখ টকা! ইমান টকা কেনেকৈ উপাৰ্জন কৰে শচীন তেণ্ডুলকাৰে...

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। নিজৰ ২৪বছৰীয়া ক্ৰিকেটৰ বৰ্ণিল কেৰিয়াৰত বহু ৰেকৰ্ড নিজৰ দখলত ৰাখিছে ক্ৰিকেটাৰগৰাকী। ১৯৮৯চনত ১৬বছৰ বয়সতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ভৰি থোৱা শচীন হৈছে বিশ্বৰ একমাত্ৰ কমবয়সীয়া ক্ৰিকেটাৰ। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো শচীনৰ উপাৰ্জনৰ পৰিমাণ কমা নাই। এতিয়া প্ৰতিমাহে কেইবাকোটি টকা উপাৰ্জন কৰি আছে ৫১বছৰীয়া এই প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

Advertisment

ৰাষ্টীয় বহুকেইটা সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, শচীনৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭০মিলিয়ন ডলাৰ। ভাৰতীয় হিচাপত এই সম্পত্তিৰ পৰিমাণ প্ৰায় ১৪১০কোটি টকা। শচীন তেণ্ডলকাৰে মাহে বিজ্ঞাপন পৰা কেইবাকোটি টকা উপাৰ্জন কৰে। বহু আন্তৰাষ্ট্ৰীয় কোম্পানীৰো বেণ্ড এম্বেচেডৰ শচীন তেণ্ডুলকাৰ। সকলোবোৰ মিলাই শচীনৰ মাহিলী উপাৰ্জন প্ৰায় ৪কোটি আৰু বছৰত ৫৫কোটি টকা উপাৰ্জন কৰে। এপল টায়াৰছ, আই টি ছি চেবলিন, জিঅ চিনেমা আদিৰ দৰে ভাৰতত ডাঙৰ ডাঙৰ বিজ্ঞাপনত প্ৰায়ে দেখা যায় শচীনক।

শচীন তেণ্ডুলকাৰৰ আছে দুখন বিলাসী ৰেষ্টুৰেন্ট। মুম্বাই আৰু বাংগালুৰুত থকা এই ৰেষ্টুৰেন্ট দুখনৰ পৰাও মাহিলী কেইবালাখ টকা উপাৰ্জন কৰে শচীনে। শচীনৰ মুঠ সম্পত্তি বিৰাট আৰু ধোনীতকৈ অধিক। বিজ্ঞাপনৰ পৰা বছৰি ৪০কোটি আৰু বিনিয়োগৰ পৰা বছৰি ১০কোটি টকা উপাৰ্জন কৰে তেওঁ। মুম্বাই, কেৰালাত শচীনৰ আছে অট্টালিকা। মুম্বাই ৱানন্দ্ৰাত থকা অট্টালিকাটোৰ মূল্য ১০০কোটিৰো অধিক। উল্লেখ কৰা প্ৰয়োজন যে, এই অট্টালিকাতো ২০০৭চনত ৪০কোটি টকাত কিনিছিল ক্ৰিকেটাৰ গৰাকীয়ে। ইয়াৰ বাহিৰেও মুম্বাইত কেইবাটাও ফ্লেটৰ মালিক শচীন।

Also Read: ৰঙাজানত গছ পৰি আহত বাইক আৰোহী

sachin tendulkar income update tendulkar latest news cricket latest news sachin tendulkar