ৰঙাজানত গছ পৰি আহত বাইক আৰোহী

ৰঙাজানত গছ পৰি আহত বাইক আৰোহী

author-image
Asomiya Pratidin
New Update
ৰঙাজানত গছ পৰি আহত বাইক আৰোহী

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বালিপৰাৰ সমীপৱৰ্তী খনামুখৰ ৰঙাজানত গছ পৰি গুৰুতৰভাৱে আহত হয় এজন বাইক আৰোহী। ৰঙাজানত পথৰ কাষত থকা এজোপা প্ৰকাণ্ড গছ অনুমতিবিহীনভাৱে মেচিনেৰে কাটি থকা মূহুৰ্তত AS-12-P-1066 নম্বৰৰ বাইক খনেৰে আহি থকা যুৱকজনৰ গাত বাগৰি পৰে। ফলত গুৰুতৰভাবে আহত হয় মানশিৰি গাঁৱৰ ৩৩ বছৰীয়া দূৰ্গা সিং ছেত্ৰী নামৰ বাইক আৰোহীজন।

আহত যুৱকজনক অতি সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ইতিমধ্যে বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে গছ কাটি থকা লোক কেইজনে।

Also Read: স্বাতী মালিৱালৰ ঘটনাক লৈ কেজৰিৱালৰ নাই অনুসূচনা !

sonitpur accident jamugurihat accident latest