/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6c795c8b-f281-4619-a234-48ec8dd49c78/war_16.jpg)
ইউক্ৰেইন নহয়, ৰাছিয়াই আক্ৰমণ কৰিলে পোলেণ্ড...
ডিজিটেল ডেস্কঃ শেষ হোৱাৰ নম লোৱা নাই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। নিতৌ ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ বিপৰীতে ইউক্ৰেউইনৰ সেনায়ো ভাগৰি পৰা ৰাছিয়ান সেনাক উচিত প্ৰত্যুত্তৰ দি আহিছে।
তাৰ মাজতে ৰাছিয়াই কৰা এক ভুলৰ বাবেই দুই ৰাষ্ট্ৰৰ যুদ্ধ এতিয়া অধিক প্ৰসাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। এই যুদ্ধত শীঘ্ৰেই নামি পৰিব পাৰে তৃতীয় পক্ষ। যাৰ পৰিণতিত তৃতীয় বিশ্বযুদ্ধৰ দিশে বিশ্ব গতি কৰিলেও আচৰিত হ'বলগীয়া একো নাথাকিব।
ৰাছিয়াই ইউক্ৰেইনলৈ নিক্ষেপ কৰা মিছাইল ভুল ক্ৰমে পৰিছেগৈ ইউক্ৰেইনৰ চুবুৰীয়া দেশ পোলেণ্ডত। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাছিয়াই নিক্ষেপ কৰা দুটাকৈ মিছাইল ইউক্ৰেইন সীমান্তৰ লুবিলন ভইভ’ড’শ্বিপৰ জনবসতিপূৰ্ণ এলেকাত পৰিছেগৈ।
যাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে দুজন লোকৰ প্ৰাণ নাশ হৈছে। ৰাছিয়াৰ এই আক্ৰমণৰ লগে লগে পোলেণ্ডৰ সেনাও সক্ৰিয় হৈ পৰিছে। পোলেণ্ডৰ সেনা বাহিনীক যিকোনো পৰিস্থিতিৰ মুখামুখী হবলৈ সষ্টম কৰি দিয়া হৈছে।
সমান্তৰালকৈ এই আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে জি-৭ আৰু নাটোৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত জৰুৰী বৈঠক আহ্বান কৰিছে। উল্লেখ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰিবলৈ বিশ্ববাসীয়ে আহ্বান জনোৱাৰ সমান্তৰালকৈ ৰাছিয়ান নাগৰিকেও এই যুদ্ধৰ বিৰোধিতা কৰিছে।
ক্লিক কৰি পঢ়কঃ প্ৰেয়সীক নৃশংসভাৱে হত্যা! নাৰ্কো পৰীক্ষা কৰা হ'ব আফটাবৰ, আদালতে দিলে অনুমতি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us