প্ৰেয়সীক নৃশংসভাৱে হত্যা! নাৰ্কো পৰীক্ষা কৰা হ'ব আফটাবৰ, আদালতে দিলে অনুমতি

দিল্লী আৰক্ষীয়ে শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাৰ ওপৰত নাৰ্কো পৰীক্ষা কৰিব।

author-image
Asomiya Pratidin
New Update
নাৰ্কো পৰীক্ষা সম্পন্ন ! আফতাবে ক'লে...

aftab

ডিজিটেল ডেস্ক: দিল্লী আৰক্ষীয়ে শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাৰ নাৰ্কো পৰীক্ষা কৰা হ'ব। দিল্লী আৰক্ষীয়ে নাৰ্কো পৰীক্ষাৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিছিল। দিল্লীৰ সাকেত কোৰ্টে নাৰ্কো পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰিছে।

Advertisment

আৰক্ষীৰ মতে আফতাবে তদন্তটো প্ৰক্ৰিয়াটো লেহেমীয়া কৰাৰ চেষ্টা কৰিছে। শ্ৰদ্ধাৰ মোবাইল আৰু হত্যাৰ বাবে ব্যৱহৃত অস্ত্ৰৰ বিষয়ে সঠিক তথ্য দিয়া নাই আফতাবে। কেতিয়াবা তেওঁ মহাৰাষ্ট্ৰত আৰু কেতিয়াবা দিল্লীত মোবাইল দলিয়াই দিয়াৰ কথা কয়। নাৰ্কো পৰীক্ষাৰ জৰিয়তে, আৰক্ষীয়ে সম্পূৰ্ণ সত্যটো জানিব বিচাৰে।

আফতাবে আৰক্ষীক কৈছিল যে ২২ মে'ত শ্ৰদ্ধাই কাজিয়াৰ পিছত ঘৰ এৰি গৈছিল। লগতে কৈছিল যে শ্ৰদ্ধাই কেৱল ফোনটো লৈ গৈছিল। অন্যহাতে কাপোৰ আৰু অন্য সামগ্ৰী সমূহ আফতাবৰ ঘৰতে আছিল। কিন্তু যেতিয়া আৰক্ষীয়ে আফতাব আৰু শ্ৰদ্ধাৰ ফোন কল নিৰীক্ষণ কৰিছিল তেতিয়া বহু ভয়ংকৰ তথ্য উন্মোচিত হৈছিল।

উল্লেখ্য যে, শ্ৰদ্ধাক ১৮ মেত হত্য়া কৰাৰ পাছত তেওঁৰ ছচিয়েল মিডিয়া একাউন্ট আফতাবে ব্যৱহাৰ কৰিছল। শ্ৰদ্ধাৰ বন্ধুৱে যাতে সন্দেহ নকৰে তাৰ বাবে তেওঁলোকৰ লগত কথাও পাতিছিল।

আৰু পঢ়ক: প্ৰেয়সীক হত্যা কৰাৰ পাছত মেক-আপ কৰি দিছিল আফতাবে! বহু ভয়ংকৰ ৰহস্য খোলাচা

arrested delhi murder case