/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/65ee9140-c6fb-4a96-8874-b7d09dd51b10/mising_tribes.jpg)
মিচিং জাতীয় সংগঠনৰ উদ্যোগত গ্ৰাম্য ক্ৰীড়া সমাৰোহ
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ উদ্যোগত গ্ৰাম্য ক্ৰীড়া সমাৰোহ। গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈ সকলৰ ক্ৰীড়া প্ৰতিভা প্ৰণালীবদ্ধ শৈলীৰে চিনাক্তকৰণ কৰাৰ মানসেৰে মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ ক্ৰীড়া কোষৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ তত্বাৱধানত ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ১১খন আঞ্চলিকত শনিবাৰে আৰম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰে গ্ৰাম্য ক্ৰীড়া সমাৰোহ ।
শনিবাৰৰ পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত সমূহ পঞ্চায়তৰ বিভিন্ন খেলপথাৰত অনুষ্ঠিত হয় ১৭ অনুৰ্ধ খেলুৱৈ সকলৰ মাজত ১০০ মিটাৰ ,২০০ মিটাৰ, আৰু ৪০০মিটাৰ শাখাত দৌৰ,জাম্প, চটফুট থ্র', দিস্কাছ থ্র' , জেৱলিং থ্র' , মাৰাথান দৌৰ আদি এথলেটিক প্ৰতিযোগিতা। খেৰকটা বাংকেত এই প্ৰতিযোগিতা উদ্বোধন কৰে এম এম কেৰ কেন্দ্ৰীয় সদস্য নাথুৰাম পেগুৱে। শিখা দৌৰ উদ্বোধন কৰে খেৰকটা টি এম পি কেৰ ক্ৰীড়া সম্পাদক ফিৰোজ পেগুৱে।
অনুষ্ঠানত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং, জিলা সাংস্কৃতিক সম্পাদক ৰাজ কিৰণ পেগুকে ধৰি গৰিষ্ঠ সংখ্যক নেতৃবৰ্গ উপস্থিত থাকি বক্তব্য ৰাখে। পূব ঢকুৱাখনা বাংকে ক্ৰীড়া সমাৰোহ ঢকুৱাখনা জিলা মিচিং মহাসভাৰ সভাপতি মুহিৰাম পেগুৱে উদ্বোধন কৰে ।
জিলা এম এম কেৰ যুটীয়া সম্পাদক অমৃত দলেয়ে আঁত ধৰা সমাৰোহত সমল ব্যক্তি হিচাবে বক্তব্য ৰাখে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক চান দঃঞী পাংগিংয়ে । অনুষ্ঠানত জিলা টি এম পি কেৰ ক্ৰীড়া সম্পাদক অমৰজিৎ দলে, সদস্য দিপাঞ্জল দলে, হেমচন্দ্ৰ পেগু, প্ৰদীপ দলে, চিত্ৰজিৎ দলে, দিব্য পেগু, মনোজ দাৰিক, ঐপুল দলে, জ্যোতিষ দলে, যতীন দলে আদি বহুকেইগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে।
জিলা সমিতিৰ অন্তৰ্গত মুঠ ১১ খন আঞ্চলিকৰ ১১স্থানত অনুষ্ঠিত এই ক্ৰীড়া সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰিৰীক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ প্ৰশিক্ষক সকলে কাৰিকৰী সহযোগিতা আগবঢ়াই প্ৰতিভাধৰ খেলুৱৈ সকলক পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত কৰে । উল্লেখ্য যে কেইবা সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা দুদিনীয়াকৈ অনুষ্ঠিত এই গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰতিযোগীসকলক জিলা পৰ্যায়লৈ আৰু জিলা পৰ্যায়ত শ্ৰেষ্ঠত্ব প্রদর্শন কৰা প্ৰতিযোগীসকলক অহা ২০২৩ বর্ষৰ ১৯ ,২০,২১ আৰু ২২ জানুৱাৰীত নাহৰবাৰী পঞ্চায়তৰ চুমনি গাঁওৰ "ৰেগি ৰে'গাম ক্ষেত্ৰ"ত অনুষ্ঠিতব্য যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি জনায়।
আৰু পঢ়কঃ বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী অমিত ত্ৰিবেদী আহি আছে গুৱাহাটী...