/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/263bb70d-ff9a-4c27-8213-67a56e937ec4/WEB_PT_2.jpg)
অমিত ত্ৰিবেদী আহি আছে গুৱাহাটী...
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী অমিত ত্ৰিবেদী আহি আছে গুৱাহাটী। 'সাদিন, প্ৰতিদিন' গোষ্ঠীয়ে অনুষ্ঠিত কৰা 'প্ৰতিদিন লাইভ কনচাৰ্ট'ত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় সংগীত শিল্পীগৰাকীয়ে।
ষ্টাৰ চিমেণ্টৰ উদ্যোগত, এছ পি এম আই এ এছ একাডেমী, অইল ইণ্ডিয়া লিমিটেড আৰু পটেনচিয়েল কনচেপ্ট এড্যুকেশ্যনৰ সহযোগত 'সাদিন, প্ৰতিদিন' গোষ্ঠীয়ে অনুষ্ঠিত কৰা এই 'প্ৰতিদিন লাইভ কনচাৰ্ট' অনুষ্ঠিত হ'ব ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত।
উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত অহা ৯ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব প্ৰতিদিন লাইভ কনচাৰ্ট। এই লাইভ কনচাৰ্ট কেৱল নিমন্ত্ৰিত অতিথিৰ বাবে অনষ্ঠিত হ'ব। ইয়াৰ বাবে কোনো প্ৰৱেশ পত্ৰ অথবা টিকটৰ ব্যৱস্থা কৰা হোৱা নাই।
উল্লেখ্য যে, প্ৰতিবছৰে 'সাদিন, প্ৰতিদিন' গোষ্ঠীয়ে প্ৰতিদিন লাইভ কনচাৰ্ট অনুষ্ঠিত কৰি আহিছে। প্ৰতিবছৰেই বলিউডৰ অতি জনপ্ৰিয় সংগীত শিল্পীয়ে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰি আহিছে। তেনে একাংশ সংগীত শিল্পী হৈছে জুবিন নটিয়াল, অংকিত টিৱাৰী, গুৰু ৰান্ধাৱা আদি।
ক্লিক কৰি পঢ়কঃ ডাষ্টবিনৰ খাদ্য গৰুৰ সৈতে ভগাই খোৱা মানুহজন...