ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন...

ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থা"ৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখনি দেওবাৰে সফলতাৰে সামৰণি পৰে। দুদিনীয়াকৈ অনুষ্ঠিত সংস্থাৰ অধিৱেশনৰ শুকুৰবাৰে প্ৰথমদিনা পুৱা ৯বজাত সংস্থাৰ পতাকা উত্তোলন কৰে বয়োজ্যেষ্ঠ উপসভাপতি নীহাৰেন্দ্ৰ চৌধুৰীয়ে। সংস্থাৰ দ্বিতীয়গৰাকী উপসভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে মুখ্য তৰ্পক ৰূপে শুভাৰম্ভ কৰা স্মৃতি তৰ্পণ কাৰ্যসূচীত বয়োজ্যেষ্ঠ সদস্য ধৰণীধৰ গোস্বামী,সহ- সম্পাদক লক্ষেশ্বৰ পাঠক প্ৰমুখ্যে সভাত সকলো সদস্যই অংশগ্ৰহণ কৰে।

তাৰ পিছতে নীহাৰেন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত বিষয় বাচনি সভাত সম্পাদক কন্দৰ্প কুমাৰ নাথে ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সংস্থাৰ ধনভড়ালী উমেশ চন্দ্ৰ দত্তই উক্ত দুই বৰ্ষৰ বিত্তীয় প্ৰতিবেদন দাখিল কৰে। লগতে সংস্থাৰ হিচাপ পৰীক্ষক বিনয় ডেকায়ো নিজৰ প্ৰতিবেদন দাখিল কৰে।

সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক দুই বৰ্ষৰ দেৱেন্দ্ৰ নাথ বসুমতাৰীক সভাপতি, জ্যোতিষ চন্দ্ৰ শৰ্মা আৰু চন্দ্ৰ দাসক উপ সভাপতি, কন্দৰ্প কুমাৰ নাথক সম্পাদক, লক্ষেশ্বৰ পাঠক আৰু প্ৰৱাল চন্দ্ৰ চৌধুৰীক সহকাৰী সম্পাদক, উমেশ চন্দ্ৰ দত্তক কোষাধ্যক্ষ, সাংগঠনিক সম্পাদক ৰূপে চুৰেন ডেকাক বিৰুবাৰীৰ বাবে, দিগম্বৰ ভূঞাক শ্ৰীমন্তপুৰৰ বাবে আৰু প্ৰভাত চন্দ্ৰ ডেকাক ৰূপনগৰৰ বাবে দায়িত্ব দিয়া হয় ।

দেওবাৰে বিয়লি অধিবেশনৰ মুকলি সভা নীহাৰেন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত সংস্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীও উপস্থিত থাকে। অনুস্থানত মুখ্য অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দয়ানন্দ পাঠকে নিজৰ ভাষণত কয়- সমাজৰ জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণ আৰু উপকাৰত আহিব পৰা বহু কথা উল্লেখ কৰে।

এই মুকলি সভাতে সংস্থাৰ মুখপত্ৰ "প্ৰজ্ঞা" উন্মোচন কৰে যুটীয়াভাৱে নিৰুপমা ডেকা আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী অনুজ কুমাৰ মজুমদাৰে। সংস্থাৰ সম্পাদক কন্দৰ্প কুমাৰ নাথৰ সামগ্ৰিক পৰিচালনাত হোৱা এই মুকলি সভাৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে কুন্তলা ডেকাই। সভাত সংস্থাৰ সদস্যা বীণা ডেকা আৰু বীণা বৰ্মনেও এটিকৈ লোকগীত পৰিবেশন কৰে। শিশু শিল্পী দৰ্শিত মজুমদাৰেও এটি সুন্দৰ গীত গাই সকলোকে আপ্লুত কৰে।

ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন...
ঢকুৱাখনাত ভলীবল ৰেফাৰী পৰীক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in