/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6d4603df-554a-4cb1-8f38-b4d14a4000e4/3.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম ভলীবল সন্থাৰ তত্বাৱধানত আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ঢকুৱাখনাত অনুষ্ঠিত হ'ব ভলীবল ৰেফাৰী পৰীক্ষা । ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত অৱস্থিত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যালয়ত অহা ১-২ জুনত তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
১ জুনৰ প্ৰথম দিনা পুৱা ৯ বজাৰ পৰা ৰেফাৰী ছেমিনাৰ আৰু ২জুনত ৰেফাৰী পৰীক্ষা পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব। ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্ৰধৰাই এই কথা জানিবলৈ দি পৰীক্ষাত অৱতীৰ্ণ হব বিচৰা আগ্ৰহী পৰীক্ষাৰ্থী আৰু ভলীবল পৰিচালকসকলক যথা সময়ত উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনাইছে।
তাৰোপৰি পৰীক্ষা নীতি নিয়ম আৰু অৰ্হতা সন্দৰ্ভত সবিশেষ জানিবলৈ জিলা ক্ৰীড়া সন্থাৰ 7002164055 আৰু 9101293653 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে ।
Also Read: জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ প্ৰাণ প্ৰতিষ্ঠাতা দিলীপ কুমাৰ বৰাৰ দেহাৱসান...