অসম আন্দোলনৰ অন্যতম নেতা প্ৰণৱজিৎ চলিহাৰ দেহাৱসান

অসম আন্দোলনৰ অন্যতম নেতা প্ৰণৱজিৎ চলিহাৰ দেহাৱসান। ছাত্ৰনেতাজনৰ মৃত্যুত শোকৰ ছাঁ।

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনৰ অন্যতম নেতা প্ৰণৱজিৎ চলিহাৰ দেহাৱসান

ডিজিটেল সংবাদ, শিৱসাগৰঃ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনলৈকে অনেক জাতীয় আন্দোলন সমুখৰ পৰা নেতৃত্ব দিয়া প্ৰণৱজিৎ চলিহা  ওৰফে ৰমু চলিহা আৰু নাই ৷ যোৱা কেইবাটাও দিন ধৰি অতি সংকটজনক অৱস্থাত থকা প্ৰণৱজিৎ চলিহাই বুধবাৰে বিয়লি ২.৪০ বজাত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত মৃত্যুক আঁকোৱালি লয় হয় ৷

Advertisment

গুৰুতৰ ভাৱে অসুস্থ ক্ৰীড়াবিদ তথা ক্ৰীড়া সংগঠকগৰাকী যোৱা ১ ছেপ্টেম্বৰৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে দিনে নিশাই চিকিৎসা সেৱা আগবঢ়াইছিল যদিও এসময়ৰ শক্তিশালী ছাত্ৰনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ আপোচহীন সংগ্ৰামী নেতাগৰাকীক শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ বাবে পৰিয়ালৰ লোকে যোৱা ২০ আগষ্টত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱাইছিল।

পৰৱৰ্তী পৰ্যায়ত ১ ছেপ্টেম্বৰত তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল ৷ বিভিন্ন জাতীয় আন্দোলনত সিংহৰ দৰে গৰ্জন দি অসমবিৰোধী চক্ৰৰ বুকুত কঁপনি তুলিবলৈ সক্ষম হোৱা এই গৰাকী নেতাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ অসমত শোকৰ ছাঁ পৰে৷ তেওঁৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰৰ পৰা শিৱসাগৰ ফুকন নগৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে ৷ জানিব পৰা অনুসৰি কাইলৈ তেওঁৰ শেষকৃত সম্পন্ন কৰা হ’ব ৷

Also Read: মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু

social activist