মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু

মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু

ডিজিটেল সংবাদ,মাজুলীঃ মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু। বিলত মৰি উপঙিছে হাজাৰ হাজাৰ থলুৱা মাছ। উৎকট গৰমত পানী দূষিত হৈ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

Advertisment

কুহিঁ,বৰালী,পুঠি,খলিহনা গৰৈ,না'ৰ,কাৱৈ,আদি মাছ মৰি এফালৰ পৰা উপঙি গৈছে। একাংশৰ মতে বন্ধন পানীত বিলখনৰ পানী দুষিত হৈ মৃত্যু হৈছে মাছৰ। থলুৱা মাছৰ অস্বাভাৱিক মৃত্যুত চিন্তিত স্থানীয় গঞাঁ।

বাতৰিৰ পাছতেই কাকৰিকতা বিলত উপস্থিত হৈছে মীন বিভাগৰ লোক। উপস্থিত হৈ দূষিত পানীৰ বিজ্ঞানসন্মত পৰীক্ষা কৰে বিভাগীয় লোকে। পানীত মাছ জীয়াই থাকিবৰ বাবে উপযুক্ত নহয় বুলি মন্তব্য কৰে বিভাগীয় লোকে।

মৃত মাছ সমূহ পানীৰ পৰা তুলি পুতি দিবলৈ বিল খনৰ লেছিক নিৰ্দেশ দিছে মাজুলীৰ মীন বিভাগে। মাছৰ গেলা গোন্ধত থাকিব পৰা নাই স্থানীয় গঞাঁ। বৰষুন গ'লে জাপি চোৰ গ'লে বুদ্ধিৰ দৰে মীন বিভাগে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতহে সাৰ পাইছে।

প্ৰচণ্ড গৰমত পানী দুষিত হৈছে অন্যান্য বিলসমূহতো মৃত্যু হোৱাৰ সম্ভাৱনা দেখা গৈছে কিন্তু মীন বিভাগ নিৰৱ। কাৰ্যালয়লৈ আহি মাহেকীয়া দৰমহা লৈ নিজৰ দায়িত্ব সামৰে। গতিকে এতিয়া ইমান সংখ্যক মাছৰ মৃত্যুৰ পাছত মীন বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়া লক্ষণীয় হ'ব।

Also Read: পাঠদান চলি থাকোতেই বিদ্যালয়ৰ পৰা ছাত্ৰক অপহৰণ...