বিবাদৰ মাজতে সংৰক্ষণৰ সমৰ্থন RSS প্ৰধান মোহন ভাগৱতৰ

বিবাদৰ মাজতে সংৰক্ষণৰ সমৰ্থন RSS প্ৰধান মোহন ভাগৱতৰ

author-image
Asomiya Pratidin
New Update
আমাৰ পূৰ্বপুৰুষসকল ভাৰতৰে,সকলোৰে এটাই পৰিচয় : মোহন ভাগৱত

ডিজিটেল ডেস্কঃ সংৰক্ষণক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত হোৱা বাকযুদ্ধৰ পাছত দেওবাৰে এটা শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱত। সংৰক্ষণ সন্দৰ্ভত তেওঁ কয় যে,"কিছু গোটক সংৰক্ষণ দিয়াৰ বিৰোধিতা সংঘই কেতিয়াও কৰা নাই। কিন্তু যেতিয়ালৈ সংৰক্ষণৰ দৰকাৰ সেই পৰ্যন্ত দিয়া উচিত বুলি আমি বিশ্বাস কৰো।"

Advertisment

উল্লেখ্য যে উক্ত সংৰক্ষণ সন্দৰ্ভত বিগত বৰ্ষত নাগপুৰত মোহন ভাগৱতে মন্তব্য কৰিছিল যে,"যেতিয়ালৈ সমাজত ভেদভাৱ আছে তেতিয়ালৈ সংৰক্ষণ দিব লাগে,যদিও নেদেখুৱাই ভেদভাৱ সমাজত বিয়পি আছে।"

Also Read: দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন...

rss rss chief mohan bhagwat reservation controversy bjp congress on reservation