শ্ৰীশ্ৰী নিকামুল সত্ৰৰ পৰমভকত, বিশিষ্ট সমাজ কৰ্মী ৰবী দে'ৰ প্ৰয়াণ...

শ্ৰীশ্ৰী নিকামুল সত্ৰৰ পৰমভকত, বিশিষ্ট সমাজ কৰ্মী ৰবী দে'ৰ প্ৰয়াণ
শ্ৰীশ্ৰী নিকামুল সত্ৰৰ পৰমভকত, বিশিষ্ট সমাজ কৰ্মী ৰবী দে'ৰ প্ৰয়াণ
  • তেজপুৰৰ শ্ৰীশ্ৰী নিকামুল সত্ৰৰ পৰমভকত তথা তেজপুৰীয়া সমাজ ক্ষেত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট সংগঠক ৰবী দে'ৰ দেহাৱসান।

  • সত্ৰ চৌহদৰ নিজা বাসভৱনত পুৱতি নিশা হৃদৰোগত আক্ৰান্ত বিশিষ্ট সমাজ কৰ্মীগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত্যু ঘোষণা কৰে।

  • ধৰ্মৰত্ন গহণ গোস্বামীৰ অতিকৈ প্ৰিয় স্বাধীনতা সংগ্ৰামৰো সেনানী ৰবী দে' আছিল ভাৰতীয় ডাক সেৱাৰ বিষয়া।

  • অসম আন্দোলনত জড়িত হোৱাৰ বাবে চৰকাৰে অৱসৰৰ দিনটোতে তেওঁক বৰ্খাস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত আদালতে এইয়া খাৰিজ কৰে।

  • তেজপুৰৰ সমাজ, সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতঃ ভাৱে জড়িত ৰবী দে' হৰিগাওঁ স্মশান, পৰোৱা চাৰিআলিস্থিত গহণ উদ্যাণ, শ্ৰী শ্ৰী নিকামুল সত্ৰৰ চৌহদত থকা ধৰ্মৰত্ন গহণ গোস্বামী সত্ৰ, সংস্কৃতি দেৱষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাতা হোৱাৰ উপৰিও আন বহু সামাজিক কাম-কাজত জড়িত আছিল।

  • ৯৪ বছৰীয়া হ'লেও মৃত্যু পৰ্যন্ত তেওঁ আছিল সম্পূৰ্ণ কৰ্মথ আৰু সামাজিক, সাংস্কৃতিক ভাৱে সক্ৰিয়।

  • কিছুদিন পূৰ্বে একমাত্ৰ পুত্ৰক হেৰুওৱা বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে মৃত্যুৰ সময়ত অসুস্থ পত্নী, বোৱাৰী তিনি কন্যা আৰু কেইবাগৰাকীও নাতি, নাতিনীক এৰি থৈ গৈছে।

  • তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীশুভব্ৰত দেৱ গোস্বামী, ডেকাসত্ৰাধিকাৰ দেৱব্ৰত দেৱ গোস্বামীসহ সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববয়ী সকলৰও উপৰিও সমগ্ৰ ৰাসৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লোকসকল তেওঁৰ বাসভৱনত সমবেত হয়।

  • ইয়াৰ মাজত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট সমাজকৰ্মী মুকুল গোস্বামী প্ৰমুখ্যে আন বিশিষ্ট লোকসকল উপস্থিত আছিল।

  • ইফালে অসুস্থতাৰ হেতু গুৱাহাটীত চিকিৎসাধীন সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাতুল মহন্তই চিকিৎসালয়ৰ পৰা মহান সাংস্কৃতিক সাধকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

  • উল্লেখ্য যে কিছু সময়ৰ পিছতে সত্ৰৰ কীৰ্তন ঘৰৰ সন্মুখত প্ৰথমে সত্ৰৰ ভকত, বৈষ্ণৱে তেওঁক অন্তিম শ্ৰদ্ধা নিৱেদন কৰাৰ পিছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে তেওঁৰ নশ্বৰ দেহ গহণ উদ্যানলৈ নিয়া হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in