কাছাৰত ৪৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ, আটক দুজনক...

কাছাৰত ৪৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ, আটক দুজনক
কাছাৰত ৪৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ, আটক দুজনক

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰ-বৰাক উপত্যকাৰ নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি অবৈধ বিদেশী সামগ্ৰী সৰবৰাহ কৰি আহিছে একাংশ চোৰাং ব্যৱসায়ীয়ে৷ আৰক্ষীৰ চকুত ধুলি দিবলৈ ন ন কৌশল অৱলম্বন কৰি চোৰাং সামগ্ৰী সৰবৰাহ কৰি আহিছে দুষ্ট চক্ৰই ৷

এইদৰে নিশাৰ অন্ধকাৰত ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই বিদেশী চিগাৰেট সৰবৰাহ কৰাৰ সময়ত নিশা কাছাৰৰ লাইলাপুৰত আৰক্ষীয়ে জব্দ কৰে বুজম পৰিমানৰ বিদেশী চিগাৰেট৷ মিজোৰামৰ পৰা অহা NL 01 AC-2059 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই লাইলাপুৰ আৰক্ষীয়ে গোপন চেমবাৰৰ পৰা জব্দ কৰে ৪৫ কাৰ্টন বিদেশী চিগাৰেট৷

অবৈধ ভাবে চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক ট্ৰাকৰ গ্ৰেপ্তাৰ কৰা হৈছে৷ ধৃত দুজন সোনাই ৰানিঘাটৰ মঃ ৰুস্তম আলি আৰু শিলচৰ মেহেৰপুৰৰ মিনাল উদ্দিন৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in