বাংলাদেশৰ হস্পিতালত ভৰ্তি ৰোহিত শৰ্মা...

বাংলাদেশৰ হস্পিতালত ভৰ্তি ৰোহিত শৰ্মা...

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ হস্পিতালত ভৰ্তি ৰোহিত শৰ্মা...

বাংলাদেশৰ হস্পিতালত ভৰ্তি ৰোহিত শৰ্মা...

ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা তিনিখন এদিনীয়াৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত আঘাতপ্ৰাপ্ত হৈ হস্পিতালত ভৰ্তি হৈছে ৰোহিত শৰ্মা। বাংলাদেশৰ মাটিত অনুষ্ঠিত হৈ থকা শৃংখলাৰ দ্বিতীয়খন মেচৰ মাজতেই হাতত আঘাত পাই অধিনায়ক ৰোহিতে। ইয়াৰ পিছতে ৰোহিত শৰ্মাৰ ঠাইত কে এল ৰাহুলক অধিনায়কৰ দায়িত্ব দিয়া হৈছে।

Advertisment

উল্লেখ্য যে, শ্লিপত এটা কেচ ধৰাৰ সময়ত ৰোহিত শৰ্মা আঘাতৰ সন্মুখীন হয়। ৰোহিতৰ আঘাত পোৱা হাতৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হয়। ৰোহিতৰ আঘাতৰ সন্দৰ্ভত বি চি চি আইয়ে এক বিবৃতি জাৰি কৰি কয় যে, "দ্বিতীয় এদিনীয়াত ফিল্ডিং কৰোঁতে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই বুঢ়া আঙুলিত আঘাত পাইছে।"

মন কৰিবলগীয়া যে, বাংলাদেশৰ বিৰুদ্ধে খেলা এই শৃংখলাত বৰ্তমানলৈকে টীম ইণ্ডিয়াৰ তিনিজন খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছে। শৃংখলাটোৰ প্ৰথমখন খেলৰ সময়ত, অধিনায়ক ৰোহিত শৰ্মাই কৈছিল, ঋষভ পণ্ট আঘাতৰ বাবে গোটেই শৃংখলাটোৰ পৰা বাহিৰ হ'বলগীয়া হৈছে।

কে সময়তে, দ্বিতীয় খন মেচৰ পূৰ্বে বেগী বলাৰ কুলদীপ সেনো আঘাতৰ সন্মুখীন হয়।আৰু এতিয়া অধিনায়ক ৰোহিত শৰ্মাও আঘাতৰ সন্মুখনী হ'বলগীয়া হৈছে।

ক্লিক কৰি পঢ়কঃ অৰ্পণ বেজবৰুৱা গ'লগৈঃ একালৰ বিদ্ৰোহীজন হৈ পৰিছিল নাট্যভূষণ..

ৰোহিত শৰ্মা টীম ইণ্ডিয়া