অৰ্পণ বেজবৰুৱা গ'লগৈঃ একালৰ বিদ্ৰোহীজন হৈ পৰিছিল নাট্যভূষণ...

অৰ্পণ বেজবৰুৱা গ'লগৈঃ একালৰ বিদ্ৰোহীজন হৈ পৰিছিল নাট্যভূষণ...
অৰ্পণ বেজবৰুৱা গ'লগৈঃ একালৰ বিদ্ৰোহীজন হৈ পৰিছিল নাট্যভূষণ...

ডিজিটেল ডেস্কঃ অৰ্পণ বেজবৰুৱা আৰু নাই। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত সংগ্ৰামী সত্বা, নাট্যভূষণ অৰ্পণ বেজবৰুৱাই আজি তেজপুৰ মেডিকেল কলেজ হাস্পিতালত শেষ নিশ্বাস ত্যাগ কৰিলে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ।

উল্লেখ্য যে, স্বাধীন অসমৰ স্বপ্নৰে আলফা জন্ম হোৱাৰ পূৰ্বে অৰ্পণ বেজবৰুৱাই জন্ম দিছিল এপ পি এল এ নামৰ এটা বিদ্ৰোহী সংগঠনৰ। প্ৰচুৰ অধ্যয়ন পিপাসু তথা জাতীয় চেতনাৰ অন্যতম প্ৰতিভূ অৰ্পণ বেজবৰুৱাই অসম আন্দোলনতো জপিয়াই পৰিছিল। যাৰ বাবে তেওঁ একাধিকবাৰ আৰক্ষীৰ নিৰ্যাতনৰো সন্মুখীন হ'বলগীয়া হৈছিল।

এ পি এল এ গঠনৰ জৰিয়তে অৰ্পণ বেজবৰুৱাই অসমীয়া থলগিৰী যুৱকৰ স্বাৱলম্বিতাৰ দিশটোক অধিক গুৰুত্ব প্ৰদান কৰিছিল। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগতো অভিযুক্ত হৈ অৰ্পণ বেজবৰুৱা জেললৈ যাবলগীয়া হৈছিল।

প্ৰচুৰ অধ্যয়নশীল বেজবৰুৱাই লিখিছিল একাধিক নাট। তেওঁ নাট্য শিক্ষা আৰু নাট্য তত্ব নামৰ গ্ৰন্থখন একাধিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত। জাতীয়তবাদী চিন্তাৰে পৰিপুষ্ট অৰ্পণ বেজবৰুৱাই পৰৱৰ্তী গ্ৰহণ কৰা নাছিল কোনো ধৰণৰ চৰকাৰী সুবিধা।

নাটকৰ মাজতে আৱদ্ধ থাকি এদল প্রগতিশীল নাট্যকর্মী তৈয়াৰত ব্যস্ত থকা অৰ্পন বেজবৰুৱাই পৌৰাণিক তথা মহাকাব্যিক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে ৰচনা কৰা নাটকে ভাৰতৰ নাট্যক্ষেত্ৰত বিশেষ চৰ্চা লাভ কৰিছে।

নাটকৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবেই আৰ্থিক দৈন্যতাৰ পিছতো নিজা বাসগৃহৰ চৌহদত নিৰ্মাণ কৰিছিল এখন নাট্য মঞ্চ। নাটকৰ আখৰা আৰু চৰ্চা কৰিবলৈ তেওঁ থলুৱা বাদ্য, থলুৱা কলা শিল্পৰ চৰ্চা অব্যাহত ৰাখিছিল। সম্পৰীক্ষা চলাইছিল নাটকৰ।

এইগৰাকী আত্মাভিমানী, জাতীয়তাবাদী, নাট্যকাৰ, নাট্যশিল্পী তথা বিদ্ৰোহী অৰ্পণ বেজবৰুৱাৰ মৃত্যুত সমগ্ৰ শোণিতপুৰ জিলাখনতেই শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in