ওৰাঙত বাছৰ খুন্দাত মানসিকভাৱে বিকাৰগ্ৰস্ত লোক নিহত...

ওৰাঙত বাছৰ খুন্দাত মানসিকভাৱে বিকাৰগ্ৰস্ত লোক নিহত...

author-image
Asomiya Pratidin
New Update
ওৰাঙত বাছৰ খুন্দাত মানসিকভাৱে বিকাৰগ্ৰস্ত লোক নিহত...

ওৰাঙত বাছৰ খুন্দাত মানসিকভাৱে বিকাৰগ্ৰস্ত লোক নিহত...

ডিজিটেল সংবাদ ওৰাংঃ বুধবাৰে নিশা ওৰাঙত বাছৰ খুন্দাত নিহত হয় এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত লোক। ওৰাঙৰ গৰুবন্ধাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ ঘটনা।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাতে বাছখনে মানসিক বিকাৰগ্ৰস্ত লোকজনক খুন্দা মাৰে। এই ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এছ ১৩ এ চি ০৯৬১।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় ওৰাং আৰক্ষী। আৰক্ষীয়ে দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোকজনক ততাতৈয়াকৈ ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে।

অৱশ্যে চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইফালে বৰ্তমানেও নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। নিহত লোকজনে বড়ো সম্প্ৰদায়ৰ গামোচা আৰু চুৱেটাৰ পৰিধান কৰি থকা পৰিলক্ষিত হৈছে।

ক্লিক কৰি পঢ়কঃ বেকাজানবাসীক এমাহৰ ভিতৰত এহেজাৰ ভূমিপট্টা দিবলৈ নিৰ্দেশ বিত্তমন্ত্ৰী অজন্তা নেওগৰ...

পথ দুৰ্ঘটনা ওৰাং