বেকাজানবাসীক এমাহৰ ভিতৰত এহেজাৰ ভূমিপট্টা দিবলৈ নিৰ্দেশ বিত্তমন্ত্ৰী অজন্তা নেওগৰ...

বেকাজানবাসীক এমাহৰ ভিতৰত এহেজাৰ ভূমিপট্টা দিবলৈ নিৰ্দেশ বিত্তমন্ত্ৰী অজন্তা নেওগৰ...
বেকাজানবাসীক এমাহৰ ভিতৰত এহেজাৰ ভূমিপট্টা দিবলৈ নিৰ্দেশ বিত্তমন্ত্ৰী অজন্তা নেওগৰ...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ বেকাজান পঞ্চায়তৰ দীৰ্ঘদিনীয়া ভূমিপট্টা সমস্যাৰ সমাধানৰ বাবে তৎপৰ হৈ উঠিছে বিত্তমন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ । বুধবাৰে যোৰহাট আৱৰ্ত ভৱনত তিতাবৰ ৰাজহ চক্ৰ বিষয়া ড০ জয়ন্ত বৰাক এই নিৰ্দেশ দিয়ে ।

মন্ত্ৰী অজন্তা নেওগে বেকাজানৰ কিমান লোকে এতিয়ালৈকে ভূমিপট্টা লাভ কৰিছে সেই সন্দৰ্ভত জানিবলৈ বিচৰাত তিতাবৰ ৰাজহচক্ৰ বিষয়াগৰাকীয়ে কয় এতিয়ালৈকে সীমান্তৰ ৮০০ ভূমিহীন খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰা হৈছে । বৰ্তমান আৰু এহেজাৰখন পট্টা ইতিমধ্যে সাজু কৰি ৰখা হৈছে।

একেলগে দুহেজাৰ লোকক অচিৰেই বিত্তমন্ত্ৰীয়ে বেকাজানলৈ আহি নিজ হাতেৰে সেই ভূমিপট্টা প্ৰদান কৰিব । বিত্তমন্ত্ৰী গৰাকীয়ে বেকাজান অঞ্চলৰ ৰাইজক ১০০ শতাংশ ভূমিপট্টা বসুন্ধৰা আঁচনিৰ দ্বিতীয় পৰ্যায়ত দি শেষ কৰিবলৈ চক্ৰবিষয়া গৰাকীক নিৰ্দেশ দিয়ে ।

তদুপৰি তেওঁ বেকাজানৰ যিমানবোৰ উন্নয়নমূলক আঁচনিৰ কাম চলি আছে সেয়া তৰান্বিত আৰু তদাৰক কৰিবলৈ চক্ৰ বিষয়াগৰাকীক কয়। বিত্তমন্ত্ৰীগৰাকীয়ে বেকাজান অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে, স্বাধীনতাৰ ৭৫ পিছতো তিতাবৰৰ অসম-নাগালেণ্ডৰ বেকাজানবাসী ৰাইজ ভূমিপট্টাৰ বঞ্চিত হৈ আছিল।

বৰ্তমান চৰকাৰে ভূমিহীন খিলঞ্জীয়া লোকক দ্ৰুত গতিত ভূমি পট্টা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিছে । আৰু যোৰহাট অভিভাৱক মন্ত্ৰী হিচাপে বেকাজান ৰাইজৰ উন্নয়নৰ প্ৰতি তেওঁ দায়বদ্ধ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in