/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/25dc0094-98f3-4bc8-b6c1-5b1f05518db3/accident.jpg)
কালিকা লাগিল নলবাৰীত ! একেদিনাই ৩ টা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জন লোকে
ডিজিটেল ডেস্কঃ ১৭ নৱেম্বপৰ, বৃহস্পতিবাৰ নলবাৰীৰ বাবে আছিল এটা কালিকা লগা দিন। এটা দিনতেই নলবাৰীত সংঘটিত হ'ল তিনিটাকৈ পথ দুৰ্ঘটনা। নিশা ১০ বজা পৰ্যন্ত তিনিটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৬ গৰাকী লোকে।
উল্লেখ্য যে, পুৱতি নিশা ৩ঃ৪৫ মিনিটত নলবাৰীৰ বানেকুছিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৪ জন লোক থিতাতে নিহত হয়। ইয়াৰ পিছতে ঘগ্ৰাপাৰত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হয় এজন লোক।
ইয়াৰ পিছতে নিশাৰ ভাগত সংঘটিত হয় তৃতীয়টো দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী৷ নলবাৰীৰ জাজিয়াবাৰীত চাইকেল আৰু বাইকৰ মাজত হোৱা মুখামুখি খুন্দাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে তীব্ৰবেগী এখন বাইকে চাইকেল আৰোহীক খুন্দিওৱাৰ পিছত বাইক আৰোহীজন মৃত্যুমুখত পৰে। মৃত্যু হোৱা বাইক আৰোহীগৰাকী কংকন কলিতা বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত আহত চাইকেল আৰোহীগৰাকীৰো অৱস্থা সংকটজনক।
ক্লিক কৰি পঢ়কঃ বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা আৰম্ভ হ'ল জীপ ছাফাৰী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us