/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b7d5318b-d793-4cc5-99ba-0c1a3f931e80/kazironga_17.jpg)
বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা আৰম্ভ হ'ল জীপ ছাফাৰী...
ডিজিটেল সংবাদ কলিয়াবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলখন বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় বনাঞ্চল খন।
উল্লেখ্য যে, উদ্যানখনৰ আন আন বনাঞ্চলত কৈ বুঢ়াপাহাৰ বনাঞ্চলখন অলপ দ হোৱাৰ বাবে বহু ঠাইত বহু পলমকৈ পানী শুকুৱাৰ বাবে অলপ পলম হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে । বাট-পথ উলিৱাওতে পলম হোৱাৰ বাবেই পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বুঢ়াপাহাৰ বনাঞ্চল।
বৃহস্পতিবাৰৰ প্ৰথম দিনটোতে বহিঃৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দলে জীপ ছাফাৰীৰে দৰ্শন কৰিলে বুঢ়াপাহাৰ বনাঞ্চল । বিশ্ব বিখ্যাত এশিঙীয়া গড়¸ বাঘ¸ হৰিণ¸ হাতী¸ মহৰ লগতে টুপী মুৰীয়া বান্দৰৰ বিচৰণস্থলী এই বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে যথেষ্ট আকৰ্ষণৰ কেন্দ বিন্দু হৈ পৰা বুলিও জানিব পৰা গৈছে ।
ক্লিক কৰি পঢ়কঃ দিল্লীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ বিশেষ আহ্বান...