/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/80a93e8d-94ac-48ef-b92b-c04ede21ef18/accident_dhemaji.jpg)
ধেমাজিত পথ দুঘৰ্টনা
ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি নগৰৰ পৰা ৭ কিলোমিটাৰ নিলগৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ খজুৱাত সোমবাৰে সন্ধিয়া ৫ মান বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন পালচাৰ মটৰচাইকেল AS 22-G4807 আৰু এখন গ্লেমাৰ মটৰচাইকেল AS 23-AB 5208 ৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।
ফলত এগৰাকী ১০ বছৰীয়া ছাত্ৰীসহ মুঠ ৩ জন লোক গুৰুতৰভাৱে আহত হয় ৷ বিজয় চেত্ৰী নামৰ বাইক চালকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসা বাবে ইতিমধ্যে ধেমাজি আৰক্ষীয়ে অসম মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে ৷
আৰু পঢ়কঃ ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টিউটৰ শিক্ষক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট...