নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু

প্ৰতীকী ফটো

ডিজিটেল ডেস্কঃ পুনৰ সংঘটিত হৈছে পথ দুৰ্ঘটনা। তীব্ৰবেগী যাত্ৰীবাহী বাছে মহতিয়াই নিলে পথৰ কাষত ৰৈ থকা যাত্ৰীক। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কঠীয়াতলী চাৰিআলিত।

Advertisment

জানিব পৰা মতে সোমবাৰে নগাঁৱৰ কঠীয়াতলীত বাছ কাউণ্টাৰৰ ওচৰত ৰৈ থকা কেইবাগৰাকী যাত্ৰীক এ এছ ০২ এ চি ৮৫৮৮ নম্বৰৰ বাছখনে মহতিয়া নিয়ে। ফলত এগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী আহত হয়। অৱশ্যে স্থানীয় লোকৰ সহায়ত আহত যাত্ৰী সকলক হাস্পতাললৈ প্ৰেৰণ কৰে। আনহাতে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আৰু পঢ়কঃ গুৱাহাটীত মুকলি হ'ল এয়াৰটেল ৫-জি সেৱা...

assam nagaon accident