গুৱাহাটীত মুকলি হ'ল এয়াৰটেল ৫-জি সেৱা...

এয়াৰটেলে সোমবাৰে গুৱাহাটীত ৫-জি মোবাইল সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত মুকলি হ'ল এয়াৰটেল ৫-জি সেৱা...

airtel 5G

ডিজিটেল ডেস্ক : ভাৰতৰ আগশাৰীৰ টেলিকমিউনিকেচন কোম্পানী ভাৰতী এয়াৰটেলে সোমবাৰে গুৱাহাটীত ৫-জি মোবাইল সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। টেলিকম প্ৰতিষ্ঠানটোৱে উল্লেখ কৰে যে এয়াৰটেল ৫-জি প্লাছ সেৱাসমূহ গ্ৰাহকসকলৰ বাবে পৰ্যায়ক্ৰমে উপলব্ধ হ'ব।

৫-জি ডিভাইচ থকা গ্ৰাহকসকলে ৰোল-আউট অধিক বিস্তৃত নোহোৱালৈকে কোনো অতিৰিক্ত ব্যয় নকৰাকৈ উচ্চ গতিৰ এয়াৰটেল ৫-জি প্লাছ নেটৱৰ্ক উপভোগ কৰিব পাৰিব বুলিও কোম্পানীটোৱে প্ৰকাশ কৰে।

বৰ্তমান জি এছ ৰোডত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, দিচপুৰ মহাবিদ্যালয়, গণেশগুৰি, খ্ৰীষ্টিয়ান বস্তি, চিৰিয়াখানা ৰোড, লাচিত নগৰ, উলুবাৰী, ভঙাগড় আৰু বেলতলা আৰু আন কেইটামান নিৰ্বাচিত স্থানত কাৰ্যকৰী কৰা হৈছে এয়াৰটেল ৫-জি সেৱা। কোম্পানীটোৱে কয় যে এয়াৰটেলে সময়ৰ লগে লগে চহৰখনত ইয়াৰ সেৱা উপলব্ধ কৰি ইয়াৰ নেটৱৰ্ক বৃদ্ধি কৰিব।

আৰু পঢ়ক :দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা ৰঞ্জিত বৰা নগাঁৱৰ ডি.টি.অ' শোণিত বৰাৰ ভাতৃ...

assam guwahati airtel 5G SERVICE