ধেমাজি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

এজন গুৰুতৰভাৱে আহত, ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ ভৰ্তি

author-image
Asomiya Pratidin
New Update
ধেমাজি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

ধেমাজি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,ধেমাজিঃ সোমবাৰে সন্ধিয়া প্ৰায় ৮ .৩০ বজাত ধেমাজি ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Advertisment

ঘটনাৰ সম্পৰ্কে জানিব পৰা মতে চিলাপথাৰ,মৰিধলৰ দিশৰ পৰা ধেমাজি নগৰৰ মাজেৰে পাৰ হৈ নিজগৃহ ঢকুৱাখনালৈ আহি থকা অৱস্থাতে তীব্ৰ বেগী AS07 K4677 নম্বৰৰ বাইকখনে AS22 D4889 নম্বৰৰ গাড়ীখনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়, ফলত প্ৰচণ্ড খুন্দা মাৰি বাইকখন উৰি গৈ তিনিআলিৰ এখন দোকানত খুন্দা মাৰে আৰু বাইক আৰোহী জন চিটিকি পৰি ৰৈ যায় ।

প্ৰত্যক্ষ দৰ্শীৰ মতে বাইক আৰোহীজন এখন ভৰি সম্পুৰ্ণৰূপে ভাঙি গৈছে। ৰাইজে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত আৰোহীজনক ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে যদিও চিকিৎসালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰন কৰিছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে দুঘৰ্টনাগ্ৰস্ত মটৰ চাইকেল আৰোহীজইৰ নাম উৎপল বৰুৱা ঘৰ লখিমপুৰ জিলাৰ ঢকুবাখানাৰ মহকুমাৰ মাজ ভালভাৰী গাঁৱৰ ৷

আৰু পঢ়কঃ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা

assam dhemaji