/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/Ktaka-road-Accident.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, দুমুনিচকীঃ সোমবাৰে সন্ধিয়া চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত পিয়লিখাটাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন স্থানীয় লোকৰ থিতাতে মৃত্যু হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে থানাখনৰ অন্তৰ্গত পিয়লিখাটা গাওঁ নিবাসী চায়েফ আলী (৪৮) নামৰ লোকজনে সন্ধিয়া প্ৰায় ৬-৩০ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পূৱ দিশৰ পৰা পশ্চিম দিশে খোজকাঢ়ি পাৰ হ'বলৈ চেষ্টা কৰিছিল। তেনে সময়তে গুৱাহাটী অভিমুখী এখন তীব্ৰ বেগী বাহনে চায়েফ আলীক মহতিয়াই থৈ পলায়ন কৰে।
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোত চিটিকি পৰা চায়েফৰ থিতাতে মৃত্যু হয়। ঘটনা সম্পৰ্কে অৱগত হোৱাত চাংসাৰি থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে মৃত চায়েফ আলী বাইহাটা চাৰিআলিৰ এখন হোটেলত ৰান্ধনি হাচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us