বটদ্ৰৱাত মালবাহী ট্ৰাকে প্ৰাণ ল'লে এজনৰ

বটদ্ৰৱাত মালবাহী ট্ৰাকে প্ৰাণ ল'লে এজনৰ

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। মালবাহী ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল এজন ব্যবসায়ীৰ। দ্ৰুত গতিত অহা এএছ ০১ এইচ ০৮৮৫১ নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিলে মটৰচাইকেল আৰোহীক।

Advertisment

শান্তিজান বজাৰৰ পৰা ব্যবসায় সামৰি ঘৰলৈ উভতাৰ পথত বুধবাৰে নিশা বটদ্ৰৱা আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত মৃত্যু হোৱা ব্যবসায়ী জনৰ নাম গুলজাৰ হুছেইন। উল্লেখযোগ্য যে, চলিত মাহতে ট্ৰাক, ড্ৰাম্পাৰৰ খুন্দাত নগাঁও বটদ্ৰৱা ধিং সংযোগী গড়কাপ্তানী পথত প্ৰায় সাত জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে।

Also Read: ফাইনেললৈ আৰু এখোজ ৰাজস্থানৰ : আহমেদাবাদত সপোন চূৰমাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ

batadrava road accident