
ডিজিটেল ডেস্কঃ উৰুকাৰ দিনটোতে ৰাজ্যৰ কেইবটাও স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা। তেজপুৰতো সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা।
তেজপুৰৰ গোলুঙৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। জানিব পৰা মতে একন দ্ৰুতবেগী বাহনে খুন্দা মাৰিলে এগৰাকী মহিলাক।
ফলত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। নিহত মহিলাগৰাকীৰ পৰিচয় বাতৰি লিখাৰ সময়লৈকে জানিব পৰা হোৱা নাই। ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখন।
ক্লিক কৰি পঢ়কঃ হায় অসমীয়া ! সুৰাৰ বটল আৰু ডেৰ ফুটিয়া খেৰৰ জুমুঠিও হ'ল 'মেজি'