/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/cef51387-9370-4842-9257-04e9feb0bf55/ACCIDENT_19.jpg)
দুই বাহনৰ ভয়ংকৰ দুৰ্ঘটনাঃ শিশুসহ আহত ১০ জন
ডিজিটেল সংবাদ ৰূপহীহাটঃ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত দেৱালতলত শনিবাৰে নিশা প্ৰায় ৮ মান বজাত দুখন চাৰি চকীয়া বাহনৰ মুখা মুখী সংঘৰ্ষৰ ফলত বহু কেইজন লোকৰ কথম্পি প্ৰাণ ৰক্ষা পৰে ৷ প্ৰাপ্ত খবৰ মতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয়।
দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত শিশুসহ দহজন আঘাত প্ৰাপ্ত হয় উক্ত পথ দুৰ্ঘটনাত ।পথ দুৰ্ঘটনাত আহত লোকসকলক ততাতৈয়াকৈ ৰূপহী মডেল হস্পিতালত ভৰ্তি কৰোৱা হয় ।
দুৰ্ঘটনাত পতিত হোৱা বাহন দুখনৰখনৰ নম্বৰ এ এছ -০২-কে-৮০৫৮ আৰু এ এছ -০২ এ-১২৪২ ৷ ঘটনাস্থলীত আমবাগান আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
ক্লিক কৰি পঢ়কঃ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণ...