সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণ...

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণ

author-image
Asomiya Pratidin
New Update
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণ...

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ বঁটা বিতৰণ

ডিজিটেল সংবাদ বেবেজীয়াঃ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ নগাঁও সদৰ শিক্ষাখণ্ডৰ তত্বাবধানত শিশু বিকাশ সাংস্কৃতিক মঞ্চৰ সহযোগিতাত যোৱা শিশু দিৱস উপলক্ষে অনলাইন যোগে আয়োজিত প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানখনি আজি নগাঁৱৰ বেংগলী ছোৱালী হাইস্কুলত সম্পন্ন হৈ যায় ৷ দিনৰ ১২ বজাৰ পৰা আৰম্ভ হোবা অনুষ্ঠানটিত কণকণ শিশু সকলৰ গীতে মাতে নৃত্যই জীপাল হৈ পৰিল বিদ্যালয়ৰ প্ৰেক্ষাগৃহ ৷

Advertisment

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁৱৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া দেৱেন লহকৰ, অধিবক্তা মৃণালিনী বৰা, প্ৰবক্তা তিলক গোস্বামী, বেংগলী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক নাৰায়ণ মজুমদাৰ, সাংবাদিক দেৱজিৎ হাজৰিকা, দ্বীপেন শইকীয়া, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় প্ৰতিনিধি ভদ্ৰেশ্বৰ গগৈ, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ নগাঁও জিলা শাখাৰ সম্পাদক পৱন বৰা, জিলা প্ৰতিনিধি গীতাঞ্জলি ডেকা, সম্পাদক অজয় ভৌমিক, জিলা প্ৰতিনিধি প্ৰনামিকা শৰ্মা, সভানেত্ৰী দীপাঞ্জলি দাস, সদস্য শিক্ষক গোৱিন্দ ভাওৱাল আদি উপস্থিত থাকে ৷

সাংস্কৃতিক সম্পাদক ভাস্বতী শৰ্মাই আতঁধৰা অনুষ্ঠানটিত আবৃত্তি প্ৰতিযোগিতাৰ "ক" শাখাৰ প্ৰথম স্থান লাভ কৰে মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ আজ্ঞা দেৱী, দ্বিতীয় স্থান প্ৰজ্ঞা পাৰমিতা শইকীয়া, ১৯৮ নং টাউন পানীগাওঁ প্ৰাথমিক বিদ্যালয়, তৃতীয় স্থান অমিত হুছেইন সত্যভামা বিদ্যাপীঠ, উদগনি পুৰস্কাৰ লাভ কৰে ক্ৰমে ফিজানা তাৰিক মোলাসিং ৰংগিলা প্ৰাথমিক বিদ্যালয়, ইবাদ চৌধুৰী ২নং টাউন পানীগাওঁ মোক্তাব বিদ্যালয় ৷

আনহাতে "খ" শাখাত প্ৰথম স্থান লাভ কৰে ৰায়াট হক গুণাভিৰাম বৰুৱা প্ৰাথমিক বিদ্যালয়,দ্বিতীয় স্থান অলিক চক্ৰৱৰ্তী আদৰ্শ নেতাজী শিশু বিদ্যালয়,তৃতীয় স্থান আফৰুজা হুছেইন মোলাসিং ৰংগিলা প্ৰাথমিক বিদ্যালয় ৷ অনুষ্ঠানত শতাধিক ছাত্ৰছাত্ৰী অভিভাৱক সকল উপস্থিত থাকে ৷ বিয়লি ছাত্ৰছাত্ৰী সকলৰ বিভিন্ন সাংস্কৃতিক গীত নৃত্যৰে সফল সামৰণি পৰে ৷

ক্লিক কৰি পঢ়কঃ সাংবাদিক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক...

নগাওঁ