মুকালমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন...

মুকালমুৱাৰ লোহাৰকাঠাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident

ডিজিটেল ডেস্কঃ মুকালমুৱাৰ লোহাৰকাঠাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক।

Advertisment

আনবাতে আহত হৈছে আন ৫ জন লোক। ঘটনাৰ বিৱৰণ অনুসৰি এখন পালছাৰ বাইক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত নিহত লোকজনক আছান আলী বুলি চিনাক্ত। নিহত আছান আছিল পালছাৰ বাইকখনৰ গৰাকী। আনহাতে আছান আলীৰ লগত থকা আন এজন আৰোহী তাহেৰ আলী গুৰুতৰ ভাৱে আহত।

আহত আন আন লোকসকল ক্ৰমে খাইৰুন নেছা, মিৰ হুছেইন, ৰিংকু আলী আৰু মুনিয়া বেগম। ঘটনাত আহত সকলোকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইফালে গুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰিছে।

ক্লিক কৰি পঢ়কঃ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত অসমৰ শিৱ...

পথ দুৰ্ঘটনা অসম মুকলমুৱা