এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত অসমৰ শিৱ...

জৰ্দানত অনুষ্ঠিত হৈ থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ পৰা আহিছে আশাৰ খবৰ। প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিলে অসমৰ তাৰকা বক্সাৰ তথা অলিম্পিয়ান শিৱ থাপা।

author-image
Asomiya Pratidin
New Update
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত অসমৰ শিৱ...

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত অসমৰ শিৱ...

ডিজিটেল ডেস্কঃ জৰ্দানত অনুষ্ঠিত হৈ থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ পৰা আহিছে আশাৰ খবৰ। প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিলে অসমৰ তাৰকা বক্সাৰ তথা অলিম্পিয়ান শিৱ থাপা

Advertisment

শিৱই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত তাজাকিস্তানৰ বাখদুৰ উচমনভৰক ৪-১ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে শিৱ প্ৰতিযোগিতাখনৰ ৬৩.৫ কেজি শাখাত স্বৰ্ণ পদকৰ দাবীদাৰ হৈ পৰিছে।

আনহাতে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইয়েও স্বৰ্ণ পদকৰ আশা সজীৱ কৰি ৰাখিছে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰা অংকুশিতা বড়োৱে ইতিমধ্যে প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰিছে। অংকুশিতা ছেমি ফাইনেলত পৰাস্ত হৈছে।

ক্লিক কৰি পঢ়কঃ কলিয়াবৰ প্ৰেছ ক্লাবৰ সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

লাভলীনা বৰগোহাঁই অংকুশিতা বড়ো শিৱ থাপা এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২