কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫ জন লোক...

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫ জন লোক...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫ জন লোক...

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫ জন লোক...

ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল কলিয়াবৰত। এই দুৰ্ঘটনাত এই পৰ্যন্ত প্ৰাণ হেৰুৱালে ৫ জন লোকে।

Advertisment

কলিয়াবৰৰ হাতীয়েখোৱাৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন ট্ৰাক আৰু হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হ'ল এই দুৰ্ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই আউৰা বাহনখনৰ নম্বৰ AS-05 Q 2683। আনহাতে ট্ৰাকখনৰ নম্বৰ UP 37 AT 2766। জানিব পৰা মতে হুণ্ডাই বাহনখন তেজপুৰ অভিমুখী আছিল। নিহত আটাইকেইজন লোক হুণ্ডাই বাহনখনত আছিল।

ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ বাহনদুখন জব্দ কৰিছে। ইফালে স্থানীয় লোকে হুণ্ডাই বাহনখনত থকা ৫ গৰাকী লোককে উদ্ধাৰ কৰে যদিও আটাইকেইজনৰেই ঘটনাস্থলীতে মৃত্যু হয়।

ইফালে নিহত ৫ জন লোকৰ ভিতৰত ৪ জনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। নিহত এজন লোক বোকাখাতৰ সঞ্জীৱ কুমাৰ পাল বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'ল।

ক্লিক কৰি পঢ়কঃ ধেমাজি জিলাৰ ৫ টা স্থানত একে সময়তে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা

পথ দুৰ্ঘটনা কলিয়াবৰ