কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাঃ চাৰিচকীয়া বাহনে ২ কিলোমিটাৰ চোঁচৰাই নিলে মটৰচাইকেল...

কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাঃ চাৰিচকীয়া বাহনে ২ কিলোমিটাৰ চোঁচৰাই নিলে মটৰচাইকেল...
কোকৰাঝাৰত ভয়ংকৰ দুৰ্ঘটনাঃ চাৰিচকীয়া বাহনে ২ কিলোমিটাৰ চোঁচৰাই নিলে মটৰচাইকেল...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । বালাজান তিনালীৰ বি এম ইংৰাজী বিদ্যালয়ৰ সন্মুখত সন্ধিয়া ৬:৩০ মান বজাত AS 01BO 3466 নম্বৰৰ এখন মাৰুতী ৱাগানাৰ গাড়ীয়ে পিছপিনৰ পৰা AS 01DO 4284 নম্বৰৰ এখন আপাচী মটৰচাইকেলক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ।

প্ৰচণ্ড খুন্দাৰ ফলত মটৰচাইকেলৰ আৰোহীদ্বয় ছিটিকি পৰে আৰু মটৰচাইকেলখন মাৰুতী ৱাগানাৰ গাড়ীখনৰ আগফালে ওলমি ৰয়। তেনে অৱস্থাতে মাৰুতী ৱাগানাৰৰ চালকে মটৰচাইকেলখন প্ৰায় দুই কিলোমিটাৰ চোঁচৰাই নিয়ে ।

তেনেদৰে জে ডি পথেৰে প্ৰায় দুই কিলোমিটাৰ ধৰি মটৰ চাইকেলখন চোঁচৰাই নিওঁতে পথত অগ্নি স্ফুলিংগৰ সৃষ্টি হয় আৰু তাকে দেখি বালাজান তিনালীৰ স্থানীয় ৰাইজে মাৰুতী ৱাগানাৰ গাড়ীখন অনুসৰণ কৰে ।

পিছত ৱাগানাৰৰ চালকে কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টিৰ সন্মুখত গাড়ীখন ৰাখি পলায়ন কৰে । আৰক্ষীয়ে পিছত ৱাগানাৰ গাড়ী আৰু মটৰচাইকেল জব্দ কৰি বালাজান আৰক্ষী চকীলৈ লৈ আহে ।

আনহাতে মাৰুতী ৱাগানাৰৰ প্ৰচণ্ড খুন্দাত পথৰ ওপৰতে চিটিকি পৰা চালক পিপুল আহমেদ (৩৪, বৰুৱাপাৰা) আৰু আৰোহী শ্বাহিনুৰ হুছেইন(২৮,ৰাণিঘূলী) দৈব্যক্ৰমে ৰক্ষা পৰে । অৱশ্যে শ্বাহিনুৰ হুছেইনে ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

সম্প্ৰতি শ্বাহিনুৰ হুছেইন বালাজান খণ্ড প্ৰাথমিক সামুহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । প্ৰণিধানযোগ্য যে চিৰাং জিলাৰ বেংতলৰ পৰা বিদ্যুতৰ কাম কৰি কোকৰাঝাৰৰ স্বগৃহ অভিমুখে আহি থাকোতেই মাৰুতী ৱাগানাৰ গাড়ীখনে শ্বাহিনুৰ হুছেইনৰ মটৰচাইকেলত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in