আহত বৃদ্ধাক চিকিৎসালয়ত ভৰ্তি কৰি পলায়ন অভিযুক্তৰ...

আহত বৃদ্ধাক চিকিৎসালয়ত ভৰ্তি কৰি পলায়ন অভিযুক্তৰ...

author-image
Asomiya Pratidin
New Update
আহত বৃদ্ধাক চিকিৎসালয়ত ভৰ্তি কৰি পলায়ন অভিযুক্তৰ...

ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হৈছে পথ দুৰ্ঘটনা। মটৰ চাইকেলৰ খুন্দাত এগৰাকী বৃদ্ধ মহিলাৰ মৃত্যু হয়। খেৰণি-লংকা সংযোগী পথৰ ৰানাইমাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

Advertisment

খেৰণিৰ চাৰি-আলি বজাৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত সুকুমাৰী দাস নামৰ বৃদ্ধ মহিলাগৰাকীক পিছফালৰ পৰা খুন্দা মাৰে এখন তীব্ৰবেগী মটৰ চাইকেলে। অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই বাইক চালকজনে মহিলাগৰাকীক ঘটনাস্থলীৰ পৰা লৈ গৈ খেৰণি চিকিৎসালয়লত ভৰ্তি কৰে।

ইফালে চিকিৎসা প্ৰদান কৰি থকা অৱস্থাত খবৰৰ ভিত্তিত মহিলাগৰাকীৰ পৰিয়ালৰ লোক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসালয়ৰ পৰা পলায়ন কৰে অভিযুক্ত বাইক চালকজনে। তাৰ কিছুসময়ৰ পাছতেই চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বৃদ্ধ মহিলাগৰাকীৰ। পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ বাইক আৰোহী তথা চালকৰ সন্ধান বিচাৰি চিকিৎসালয়ৰ চি চি টিভিৰ ফুটেজৰ জৰিয়তে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: গহপুৰত ভয়ংকৰ দুৰ্ঘটনা: থিতাতে নিহত এজন

karbi anglong