/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
হাটশিঙিমাৰীৰ কোকৰাডাঙাত মটৰ চাইকেল দুৰ্ঘটনাঃ নিহত দুই ভাই-ককাই... road accident
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত আজি সন্ধিয়া প্ৰায় ৫ বজাত দ্ৰুতবেগী মটৰ চাইকেল এখন দুৰ্ঘটনাত পতিত হৈ মটৰ চাইকেলত থকা দুই ভাই-ককাই মৃত্যু মুখত পৰে। উল্লেখযোগ্য যে, ভাৰত-বাংলাদেশ সীমান্ত সংযোগী হাটশিঙিমাৰী-কালাইৰ আলগা গড়কপ্তানি পথত এই দুৰ্ঘটনা সংঘটিত হয়।
কানাইমাৰা গাঁৱৰ ময়নাল হকৰ দুই পুত্ৰ ক্ৰমে ছাবিদুল ইছলাম (১৮) আৰু আলমাজ ইছলাম (১৩) এম এল ১৪ ০৫৬৭ নম্বৰৰ পালছাৰ মটৰ ছাইকেলেৰে হাটশিঙিমাৰীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰি বিদ্যুতৰ খুটাত খুন্দা মাৰে। তীব্ৰ বেগী মটৰ চাইকেলৰ পৰা দুয়ো ছিটিকি পৰি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।
ততাতৈয়াকৈ দুয়োক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষীয়ে মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পাতালৰ পৰা নিজৰ জিম্মালৈ নিছে।
কাইলৈ পুৱাৰ ভাগত দুয়োৰে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হ'ব। মটৰ চাইকেল দুৰ্ঘটনা হৈ এইদৰে ভাই-ককাইৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ জিলাজুৰি শোকৰ ছাঁ পৰিছে।
ক্লিক কৰি পঢ়কঃ ২০২২- মহীৰূহৰ মহাপ্ৰয়াণ, 'জ্ঞানপীঠ'ৰ আনন্দ, ভাষাৰ মৃত্যুমুখী যাত্ৰা আৰু অন্যান্য