২০২২- মহীৰূহৰ মহাপ্ৰয়াণ, 'জ্ঞানপীঠ'ৰ আনন্দ, ভাষাৰ মৃত্যুমুখী যাত্ৰা আৰু অন্যান্য

২০২২- মহীৰূহৰ মহাপ্ৰয়াণ, 'জ্ঞানপীঠ'ৰ আনন্দ, ভাষাৰ মৃত্যুমুখী যাত্ৰা আৰু অন্যান্য
২০২২- মহীৰূহৰ মহাপ্ৰয়াণ, 'জ্ঞানপীঠ'ৰ আনন্দ, ভাষাৰ মৃত্যুমুখী যাত্ৰা আৰু অন্যান্য
মাজত মাত্ৰ কেইটামান দিন। পাৰ হ'ব ২০২২। সেয়ে এতিয়া সময় পোৱা-নোপোৱাৰ হিচাপ কৰাৰ। পোৱা-নোপোৱাৰ এই হিচাপত নোপোৱাবোৰৰ বেদনাই হয়তো অধিক। তাৰ মাজতেই ২০২২ য়ে অসমীয়া ভাষা আৰু সাহিত্যলৈ কি আনিলে আৰু কি কাঢ়ি নিলে সেইবোৰ সামৰিয়েই তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

বৈ যোৱাটোৱেই নদীৰ ধৰ্ম। যিদৰে গৈ থকাটোৱেই সময়ৰ ধৰ্ম। গতিশীল সময়ক ধৰি ৰখাটো অসম্ভৱ। অসম্ভৱ এৰি অহা সময়ক ঘূৰাই অনা। অৱশ্যে স্মৃতিৰ ডায়েৰীৰ পৃষ্ঠা লুটিয়াই আমি মন গ’লে উভতি চাব পাৰো এৰি অহা সময়লৈ। পোৱা, নোপোৱাৰ হিচাপেৰে ভৱিষ্যতৰ দিশে অগ্ৰসৰ হ’ব পাৰো।

চকুৰ পচাৰতে শেষ হোৱাৰ দিশে ২০২২ বছৰটো। মাজত মাত্ৰ কেইটামান ঘণ্টা। সেয়ে এতিয়া উভতি চোৱাৰ চেষ্টা ২০২২ ৰ এৰি অহা দিন কেইটালৈ। অৱশ্যে এৰি অহা সময়খিনিক আমি কেইবাটাও ভাগত ভাগ কৰি ল’ব লাগিব। ৰাজনীতি, ভাষা-সাহিত্য, সমাজ-সংস্কৃতি ঠিক এইদৰে।  আমাৰ এই প্ৰতিবেদনত অৱশ্যে আমি আজি কেৱল ভাষ, সাহিত্যৰ দিশটোলৈ হে উভতি চাবলৈ চেষ্টা কৰিম।

সাহিত্য ক্ষেত্ৰত আমি কি পালোঃ

পোৱা নোপোৱাৰ হিচাপৰ তুলাচনীত নোপোৱাৰ বেদনাই অধিক হ'লেও ২০২২ য়ে অসমৰ সাহিত্যৰ ক্ষেত্ৰখনক দিলে বহু কিবাকিবি। অসমীয়া ভাষা, সাহিত্যৰ বেয়া দিন চলিছে বুলি সৰ্বাত্মক এক আলোচনাই গা কৰি উঠিছে যদিও এই বেয়া দিনতেই অসমে লাভ কৰিলে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্ছ সন্মান 'জ্ঞানপীঠ'। ২০২২ য়ে অসমক দিয়া এক বিৰাট প্ৰাপ্তি।

'কাব্যঋষি' নীলমণি ফুকনে এই বছৰটোতেই গুৱাহাটীতে গ্ৰহণ কৰিলে জ্ঞানপীঠ সন্মান। অসমীয়া ভাষা, সাহিত্যৰ বাবে ইয়াতকৈ ভাল খবৰ আৰু এই বছৰটোত আন কি হ'ব পাৰে?

২০২১ ৰ শেষ ভাগতে ঘোষণা কৰা হৈছিল নীলমণি ফুকনলৈ 'জ্ঞানপীঠ বঁটা'। সেই ঘোষণা অনুসৰিয়েই ব'হাগ বিহুৰ আগে আগে এপ্ৰিলৰ ১১ তাৰিখে গুৱাহাটীত কাব্যঋষিয়ে অসুস্থ দেহাৰেই গ্ৰহণ কৰিলে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্ছ বঁটা জ্ঞানপীঠ।

জ্ঞানপীঠ বঁটা বাছনি ব'ৰ্ডৰ অধ্যক্ষ জ্ঞানপীঠ প্ৰাপক ড০ প্ৰতিভা ৰয়ৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে আন আন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰিলে নীলমণি ফুকনে। বঁটা গ্ৰহণ কৰি তেওঁ ক'লে- হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, মানুহতকৈ আৰু কোন আছে? ক'ৰবাত যদি দেৱতা আছে, তেৱোঁ মানুহ, তেৱোঁ মানুহ, তেৱোঁ মানুহ..।

''চাৰিওপিনে হিংসা- নিৰ্বিচাৰ নিৰ্মম নিৰ্যাতন, নীপীড়ণ, হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো। ধৰ্মান্ধৰ উন্মাদনা, ৰাজনীতিৰ দুৰ্বৃত্তায়ন- দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদূষণ, অনিশ্চয়তা দৌৰা-দৌৰি। ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল'ব পাৰিছেনে- জ্ঞানপীঠ বঁটা গ্ৰহণ কৰাৰ পিছত নীলমণি ফুকনৰ লিখিত ভাষণৰ কিয়দাংশ আছিল এয়া।

হয়, কবিয়ে জ্ঞানপীঠ বঁটা পোৱাৰ খবৰে আমাক মুকলিকৈ উশাহ ল'বলৈ অকনমান বিশুদ্ধ বায়ুৰ যোগাৰ কৰি দিছিল। ৰাজনীতি, ধৰ্মীয় উন্মাদনা, হত্যা, হিংসাৰ খবৰৰ মাজত ডুবি থকা সমাজখনে সেই আবেষ্টনিৰ পৰা ওলাই আহিবলৈ এটা সুযোগ পালে।

নীলমণি ফুকনৰ জ্ঞানপীঠ বঁটাৰ উপৰিও অসমীয়া সাহিত্যলৈ চলিত বছৰত আৰু কিছু যোগাত্মক খবৰ আহিল। বছৰটোৰ শেষত জ্যেষ্ঠ সাংবাদি তথা গল্পকাৰ, মনোজ গোস্বামী, কবি ৰশ্মি চৌধুৰী, কে বি নেপালীয়ে ক্ৰমে অসমীয়া, বড়ো আৰু নেপালী ভাষাৰ সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰাপ্তি আছিল এই বছৰৰ আন এক ভাল খবৰ।

'সমীৰণ বৰুৱা আহি আছে' গল্পৰ জৰিয়তে অসমীয়া গল্প সাহিত্যত নিজস্ব এক স্থান অধিকাৰ কৰা মনোজ কুমাৰ গোস্বামীয়ে তেওঁৰ 'ভুলসত্য' চুটিগল্প সংকলনখনৰ বাবে অসমীয়া শাখাত সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিলে। ৰশ্মী চৌধুৰীয়ে তেওঁৰ 'চানশ্ৰী মদিৰা' কবিতা পুথিৰ বাবে বড়ো ভাষাৰ শাখাত আৰু কে বি নেপালীয়ে 'সাইনো নাট্য সাহিত্য'ৰ বাবে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিলে।

আনহাতে সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰিলে আন তিনিগৰাকী অনুবাদকে। অসমীয়া ভাষাত ড০ জুৰি দত্ত (মূলঃ কচাৰেথিঃ আৰায়া নাৰী, লেখক- নাৰায়ণ), বড়ো ভাষাত ৰাজা দেৱজিত বসুমতাৰী (মূল কাবুলিৱালাৰ বেংগলী বৌ, লেখক সুস্মিতা বন্দোপাধ্যায়) আৰু নেপালী ভাষাত পূৰ্ণ কুমাৰ শৰ্মা(মূল শান্তনুকুলন্দন, লেখক- পূৰবী বৰমুদৈ)ই সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰিছে।

অসমীয়া সাহিত্য আৰু কবিতালৈ আৰু কেইবাটাও আশাৰ খবৰ কঢ়িয়াই আনিলে ২০২২ বছৰটোৱে। বিশিষ্ট কবি নীলিম কুমাৰৰ কাব্য গ্ৰন্থৰ পাঞ্জাৱী অনুবাদ, হিন্দী, ইংৰাজী অনুবাদ, বিশিষ্ট সাহিত্যিক ঔপন্যাসিক জয়ন্ত মাধৱ বৰাৰ শিৰিষ গাছেৰ ছাঁয়াৰ ওড়িয়া অনুবাদ আদি আছিল তেনে কিছু আশাৰ খবৰ।

চলিত বছৰত অসমীয়া সাহিত্য, গ্ৰন্থৰ জগতখনৰ বাবে আন এক যোগাত্মক বাৰ্তা দিলে অসম প্ৰকাশন পৰিষদে। পৰিষদে প্ৰতি বছৰে গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত কৰি অহা 'অসম গ্ৰন্থ মেলা' এইবাৰ গুৱাহাটীৰ বাহিৰলৈ লৈ গৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰন্থপ্ৰেমী ৰাইজক দিলে গ্ৰন্থৰ সুবাস।

পৰিষদে এইবাৰ মুঠ ৪ খন চহৰত অনুষ্ঠিত কৰিলে অসম গ্ৰন্থমেলা। সেই অনুসৰি ৪ নৱেম্বৰৰ পৰা ধেমাজিত অনুষ্ঠিত কৰিলে অসম গ্ৰন্থ মেলা। ২ ডিচেম্বৰৰ পৰা যোৰহাটত অনুষ্ঠিত কৰিলে দ্বিতীয়খন অসম গ্ৰন্থমেলা।

আনহাতে ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব তৃতীয়খন আৰু ইয়াৰ পিছত অহা ফেব্ৰুৱাৰী মাহত বঙাইগাঁৱত অনুষ্ঠিত হ'ব চতুৰ্থখন গ্ৰন্থমেলা। গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে অসম প্ৰকাশন পৰিষদৰ এই সিদ্ধান্ত নিশ্চয়কৈ শালগিবলগীয়া। ইতিমধ্যে সামৰণি পৰা ধেমাজি আৰু যোৰহাট গ্ৰন্থমেলাত দেখা গৈছে গ্ৰন্থপ্ৰেমীৰ ভিৰ।

 সাহিত্যৰ ক্ষেত্ৰখনত আমি যি হেৰুৱালো

অসমীয়া সাহিত্য, গ্ৰন্থ আদিৰ এনে যোগাত্মক খবৰৰ মাজতেই চলিত বছৰত অসমে হেৰুৱালে বহু কেইজন স্বনামধন্য সাহিত্যিকক। বছৰৰ প্ৰায় শেষত অসমে হেৰুৱালে বিশিষ্ট চিন্তাবিদ, অধ্যাপক, লেখক, সম্পাদক, অভিধান প্ৰণেতা শিৱনাথ বৰ্মনক। বিশিষ্ট চিন্তাবিদগৰাকীয়ে ডিচেম্বৰৰ ১৫ তাৰিখে ইহ সংসাৰ ত্যাগ কৰিলে।

শিৱনাথ বৰ্মনৰ মৃত্যুত অসমে হেৰুৱালে এজন বৌদ্ধিক অভিভাৱক। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মৃত্যুক সাৱতি লোৱা শিৱনাথ বৰ্মনৰ শেষকৃত্য অনুষ্ঠানত কেৱল চৰকাৰী পক্ষৰেই নহয়, তথাকথিত বৌদ্ধিক সমাজৰো গুৰুত্বহীনতাই বহু প্ৰশ্নৰ অৱতাৰণা কৰি  থৈ গ'ল।

একেদৰে ২২ অক্টোবৰত ৰাজ্যৰ আধ্যাত্মিক, বৌদ্ধিক, সত্ৰীয়া সমাজখনক প্ৰায় নিঠৰুৱা কৰি এৰি  থৈ গ'ল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই। দীৰ্ঘদিনৰ অসুস্থাতাৰ অন্তত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৱে ৰাজ্যবাসীক শোকাকুল কৰি তুলিলে।

ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হ'ল। 'শংকৰদেৱ বঁটা'ৰে সন্মানিত বশিষ্ঠ দেৱ শৰ্মা কেৱল সত্ৰৰ আবেষ্টনিৰ মাজতেই আৱদ্ধহৈ থকা নাছিল। তেওঁ আছিল সমাজ সংস্কাৰক। তেওঁ লিখি উলিয়াইছিল সত্ৰীয়া সংস্কৃতিৰে জড়িত বহু কেইখন গ্ৰন্থ। লোকসংস্কৃতিৰো আছিল তেওঁ সাধক।

বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগৰ শোকাকুল পৰিৱেশৰ পৰা মুক্ত নহওতেই অভিনেতা, অসমীয়া চিনেমাৰ মহীৰূহ নিপন গোস্বামীৰ বিয়োগ। শোকসাগৰত ডুবি থকা অসমক আৰু অধিক শোকাকুল কৰি ইহ সংসাৰ ত্যাগ কৰিলে দুৰন্ত প্ৰেমিক, চিত্ৰ শিল্পী নীলপৱন বৰুৱাই।

অক্টোবৰৰ ২৮ তাৰিখে তেওঁ জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে। চিত্ৰশিল্পী হিচাপে খ্যাতি অৰ্জন কৰা নীলপৱন বৰুৱাৰ চিত্ৰ শিল্পই অসমৰ কেইবাখনো আলোচনী, কাকতৰ পৃষ্ঠা ভৰাইছে। তেওঁৰ চিত্ৰ শিল্পই কলিকতাৰ বিৰলা একাডেমী অব আৰ্ট এণ্ড কালচাৰ, লক্ষ্ণৌৰ ললিত কলা একাডেমী, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে।

কেৱল ইমানেই নহয়, চলিত বৰ্ষতেই আমি হেৰুৱালো বিশিষ্ট সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ, অতুলানন্দ গোস্বামী, ড০ প্ৰফুল্ল মহন্ত, নাট্যকাৰ অৰ্পণ বেজবৰুৱা, চৈয়দ আব্দুল আজিম, এম ইদ্ৰিছ আলী, ড০ লিলাধৰ ব্ৰহ্ম, ৰবীন গোহাঁই, পুলক গগৈ, ড০ নবীন চন্দ্ৰ শৰ্মা, ড০ অমল ৰাজখোৱা, সংস্কৃত পণ্ডিত অধ্যাপক উমাকান্ত দেৱ শৰ্মা, লোকসংস্কৃতিবিদ, গৱেষক ড০ প্ৰবীণ চন্দ্ৰ দাস আদিক।

এইসকলৰ উপৰিও জ্ঞাত, অজ্ঞাত আৰু বহু লেখক, সাহিত্যিকে চলিত বছৰতেই ইহ সংসাৰ ত্যাগ কৰিলে। এইসকল অসমীয়াৰ প্ৰাণ ত্যাগে অসমীয়া সাহিত্যৰ জগতখনক বাৰুকৈয়ে ক্ষতি কৰিলে।

সাহিত্য সভাৰ নিৰ্বাচন

অসম সাহিত্য সভাৰ নিৰ্বাচন চলিত বছৰৰ সাহিত্য ক্ষেত্ৰৰ বহু চৰ্চিত এক বিষয়। অৰুণাচলৰ বাসিন্দা, অসমীয়া ভাষা, সাহিত্যৰ চৰ্চাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা য়েছে দৰজে ঠংছি আৰু অসম সাহিত্য সভা চলিত বছৰৰ চৰ্চিত এক বিষয়।

অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে চলিত বছৰতে অনুষ্ঠিত হ'ল নিৰ্বাচন। এই নিৰ্বাচনত এইবাৰ য়েছে দৰজে ঠংছিয়ে প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। য়েছে দৰজে ঠংছিয়ে অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা চৰ্চা আৰম্ভ হোৱাৰ লগে লগে অসমীয়া সাহিত্যনুৰাগী লোকে দাখা পাইছিল আশাৰ ৰেঙণি।

সকলোৱে মনে প্ৰাণে বিচাৰিছিল বিশিষ্ট সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ সভাপতি হওক। বহুতেই মুকলিকৈয়ে দাবী উত্থাপন কৰিলে, নিৰ্বাচন নহয় য়েছে দৰজে ঠংছিকা অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰা হওক।

কিন্তু সাহিত্যৰ সভাত চলা লেতেৰা ৰাজনীতিৰ বাবে বিশিষ্ট সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। নিৰ্বাচনী ফলাফল অনুসৰি সভাৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হ'ল বহু বিতৰ্কিত ড০ সূৰ্য হাজৰিকা। মৌলিক সৃষ্টি অবিহনেই কেৱল সম্পাদনা কৰা গ্ৰন্থৰ জৰিয়তেই তেওঁ অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ'ল।

অসমীয়া ভাষালৈ ২০২২ ত নামি আহিল সংকটঃ 

২০২২ ত অসমীয়া ভাষাই এক বিশেষ সন্ধিক্ষণত উপনীত হ'ল। বছৰটোৰ আৰম্ভণিৰ পৰাই কেৱল অসমীয়া ভাষা লাঞ্চিত হৈ আহিল। বৰাক উপত্যকা, বড়ো ভূমিত অসমীয়া ভাষাৰ ওপৰত সানিলে ক'লা ৰং।

বৰাকত বঙালী সংগঠনৰ নেতাই অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেই চৰকাৰী বেনাৰত একাধিকবাৰ সানিলে ক'লা ৰং। বড়ো ভূমিত আকৌ বড়ো ভাষা ব্যৱহাৰ নকৰাৰ বাবেই চৰকাৰী কাৰ্যালয়ৰ অসমীয়া ফলকত লগাই দিয়া হ'ল ক'লা ৰং।

এয়া আছিল কেৱল দুটা উদাহৰণ। ঠেক মনোবৃত্তিৰ কিছু লোকৰ বাবেই অসমতে অসমীয়া ভাষাত এইদৰে ক'লা ৰং সানি দিয়া হ'ল। অসমীয়া ভাষাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰেও এই বছৰতেই লিপ্ত হ'ল ষড়যন্ত্ৰত।

প্ৰথমে অসম লোকসেৱা আয়োগৰ পৰা বাদ দিয়া হ'ল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন। ফলত অ, আ, ক, খ নজনা বহিঃৰাজ্যৰ প্ৰাৰ্থীয়েও অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহি অসমত চাকৰি কৰাৰ সুযোগ গ্ৰহণ কৰাৰ বাট মুকলি হ'ল। অসমীয়া ভাষা পঢ়িব নজনা বিষয়াই কিদৰে অসমীয়াৰ আবেদন পঢ়িব, বুজিব সেয়া এতিয়া হৈ পৰিছে ডাঙৰ প্ৰশ্ন।

একেদৰেই ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ত গণিত আৰু বিজ্ঞানৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰিলে। প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিলে অসমীয়া ভাষা কবলৈ নজনা, পঢ়িবলৈ নজনা উত্তৰ প্ৰদেশ, বিহাৰৰ শিক্ষকক। বিলুপ্তি কৰা হ'ল প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ শিক্ষকৰ পদ।

ইয়াৰোপৰি চৰকাৰে একত্ৰিকৰণৰ নামত বহু ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বন্ধ কৰিলে। ইয়াৰ বিপৰীতে চৰকাৰে সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। চৰকাৰৰ এই সিদ্ধান্তবোৰ যে অসমীয়া ভাষাৰ বিৰোধী সেয়া দেখ দেখকৈ স্পষ্ট হৈ পৰিল।

মুঠতে ২০২২ অসমীয়া ভাষাৰ বাবে হৈ ৰ'ব এক সন্ধিক্ষণ। চৰকাৰী ভাৱেই যে অসমত অসমীয়া ভাষাৰ স্মশান যাত্ৰা আৰম্ভ হ'ল সেয়াও স্পষ্ট হ'ল। অসমীয়া ভাষাক ভাল পোৱা, অসমীয়া ভাষাৰ চৰ্চা কৰা প্ৰতিজন অসমীয়াৰ মনত এই বছৰটোৱে দিলে কেৱল বেদনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in