চিৰাঙৰ সুন্দৰীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, চিৰাংঃ শনিবাৰে সন্ধিয়া চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত সুন্দৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সুন্দৰী চাৰিআলিত এখন স্কুটি আৰু যাত্ৰীবাহী বাছৰ সৈতে সংঘৰ্ষ হয়।

গোসাইগাঁও চহৰৰ পৰা বঙাইগাঁও চহৰ অভিমূখে আহি থকা এএচ-১৬ এচি ১৬৫৮ পঞ্জীয়নৰ গীতাঞ্জলী নামৰ বাছে এএচ -১৫ জি ৬৩২৭ পঞ্জীয়নৰ স্কুটী এখন মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় এজন স্কুটী আৰোহী আৰু গুৰুতৰভাৱে আহত এজন ।

নিহত জনক চিৰাঙৰ গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত জাউলীয়াবাৰী গাঁৱৰ শনিৰাম চোৰেন আৰু গুৰুতৰভাৱে আহতজনক গাঁৱৰ প্ৰদীপ চোৰেণ বুলি চিনাক্ত কৰা হৈছে । পিছত চিদলী থানাৰ আৰক্ষীয়ে গুৰুতৰভাৱে আহত জনক উদ্ধাৰ কৰি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ROAD ACCIDENT
ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in