ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত শনিবাৰে পুৱতি নিশা এক হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত হয়। এই ঘটনা সংঘটিত কৰিয়েই ততালিকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে।

Advertisment

বিৱৰণী অনুসৰি ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পুৱতি নিশা নলবাৰী অভিমুখী অচিনাক্ত বাহনে এ এছ ২৫ এক্স ৪৭০২ নম্বৰৰ এখন পালচাৰ এন এছ বাইকখনক খুন্দিয়াই বাইক পলায়ন কৰে। এই ঘটনাত দুজনকৈ বাইক আৰোহী গুৰুতৰভাৱে আহত হৈ মাটিত পৰিত্যক্ত হৈ পৰি থাকে।

পিছত ঘটনাস্থলীত স্থানীয় লোকে পুৱা ওলাই পৰিত্যক্ত অৱস্থাত দেখি ৰঙিয়া আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় । সম্প্ৰতি গুৰুতৰভাৱে আহত যুৱক কমলপুৰৰ ৰিতুৰাজ কাকতি (১৮), জিন্টু ভৰালী (২৫) বুলি আৰক্ষী সূত্ৰই জনায়।

ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুই বাইক আৰোহীয়ে পুৱতি নিশা বিয়া খাবলৈ আহি নিয়ন্ত্ৰণ হেৰুৱাই কাষতে থকা ডিভাইদাৰত খুন্দা মাৰি ছিটিকি পৰে বুলি উল্লেখ কৰে । উল্লেখ্য যে ঘটনাৰ সময়ত দুই বাইক আৰোহীয়ে হেলমেট পৰিধান কৰা নাছিল ।

Also Read: ৰঙিয়াত অৱসৰী কৃৰ্তি শিক্ষক দিপাংক নাথক বিদায় সম্বৰ্ধনা...

rangia road accident