/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6e57a50a-6cdf-42ba-8a90-e97b6b70608c/3.jpg)
ডিজিটেল ডেস্কঃ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্রী হুছেইন আমীৰাআব্দুল্লাহিয়ানৰ মৃত্যুত সম্মান জনাই ভাৰতে আজি এদিনীয়া ৰাষ্ট্রীয় শোক পালন কৰা হৈছে। এই অনুসাৰে সমগ্র দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনো ধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কার্যসূচী পালন কৰা নহ'ব বুলি সিদ্ধান্ত গ্রহণ কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে দেওবাৰে ইৰানৰ পূব আজাৰবাইনত সংঘটিত হৈছিল হেলিকপ্টাৰ দুৰ্ঘটনা। হেলিকপ্টাৰখনত থকা ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছী আৰু বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানই এক চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰি অহাৰ পাছতে ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাত মৃত্যু হয় ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ।
Also Read: টিহু মহাবিদ্যালয়ত কেঁচুসাৰ উৎপাদনৰ কৰ্মশালা সম্পন্ন...