
কাছাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
কাছাৰৰ উধাৰবন্দত সংঘটিত হৈছে এই ঘটনা।
দ্রুতবেগী মাৰুতি ভানে মহটিয়াই নিলে এজন চাইকেল আৰোহীক।
এই দুৰ্ঘটনাত থিতাতে নিহত এজন চাইকেল আৰোহী কিশোৰ।
নিহত কিশোৰজনৰ নাম ৰাছেল আৰ আব্দুল।
দুৰ্ঘটনাত আন দুজন লোকো গুৰুতৰভাৱে আহত হৈছে।
এই দুৰ্ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
ক্ষোভিত ৰাইজে অৱৰোধ কৰে ভিআইপি ৰোড।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্রণ কৰে পৰিস্থিতি।