জিলা প্ৰশাসন, PWD য়ে উদ্বোধন কৰা উৰণীয়া সেতু পুনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে !
জিলা প্ৰশাসন, PWD য়ে উদ্বোধন কৰা উৰণীয়া সেতু পুনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে !

জিলা প্ৰশাসন, PWD য়ে উদ্বোধন কৰা উৰণীয়া সেতু পুনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে !

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যত উৰণীয়া সেতু নিৰ্মাণৰ জোৱাৰ উঠিছে। গুৱাহাটীৰ উপৰিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে আন ক'ৰবাত আকৌ উৰণীয়া সেতুৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

তাৰ মাজতে নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণীয়া সেতু উদ্বোধনৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সেই অনুসৰিয়েই ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ২ জুলাইত নলবাৰী ভ্ৰমণৰ সময়ত উদ্বোধন কৰিব নৱ নিৰ্মিত উৰণীয়া সেতুখন।

ইমানলৈকে সকলো ঠিকেই আছে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিখন উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰিব সেই উৰণীয়া সেতুখনৰ ওপৰেৰে ইতিমধ্যে যাতায়ত আৰম্ভ হৈছে। প্ৰতিদিনেই শ শ বাহন এই উৰণীয়া সেতুৰে চলাচল কৰিছে।

তাতোকৈ ডাঙৰ কথাটো হ'ল এই উৰণীয়া সেতুখন ইতিমধ্যে জিলা প্ৰশাসনে শুভ উদ্বোন কৰি ৰাইজৰ বাবে মুকলি কৰিছে। নলবাৰী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু যথেষ্ট কষ্টৰ ফলত নলবাৰীৰ হৰিমন্দিৰ সমীপত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই উৰণীয়া সেতুখন যোৱা ১৯ জুনৰ পৰা ৰাইজৰ বাবে মুকলি কৰিছিল।

নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰাৰ কথা প্ৰথমে ঘোষণা কৰিছিল। সেইগৰাকী জয়ন্ত মল্ল বৰুৱাই পুনৰ সংবাদ মেলৰ জৰিয়তে এতিয়া ঘোষণা কৰিছে অহা ৩ জুলাইত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ নলবাৰীৰ এই উৰণীয়া সেতুখন উদ্বোধন কৰিব।

ইয়াকে লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। জিলা প্ৰশাসনৰ লগতে লোক নিৰ্মাণ বিভাগে ৰাইজৰ বাবে ইতিমধ্যে মুকলি কৰি দিয়া উৰণীয়া সেতুখন পুনৰ কিয় মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব লাগে বুলিও প্ৰশ্ন উত্থাপন হৈছে।

ইয়াৰ বিপৰীতে ৩ জুলাইৰ নলবাৰী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত পৰ্যবেক্ষণ আৰু আলোচনাৰ আহ্বান জনাইছে সচেতন ৰাইজে। ৰাইজৰ দাবী বিভিন্ন সমস্যাৰে জৰ্জৰিত জিলাখনৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সমস্যাৰাজিৰ বিষয়ে বুজ লোৱাৰো দাবী জনাইছে।

জিলা প্ৰশাসন, PWD য়ে উদ্বোধন কৰা উৰণীয়া সেতু পুনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে !
চলা উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্কিড সংৰক্ষণৰ সজাগতামূলক অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in