তীব্ৰবেগী ডাম্পাৰে খুন্দিয়ালে স্কুটীঃ থিতাতে নিহত বায়েক, আহত ভনীয়েক...

তীব্ৰবেগী ডাম্পাৰে খুন্দিয়ালে স্কুটীঃ থিতাতে নিহত বায়েক আহত ভনীয়েক...
তীব্ৰবেগী ডাম্পাৰে খুন্দিয়ালে স্কুটীঃ থিতাতে নিহত বায়েক আহত ভনীয়েক...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ডাম্পাৰে এখন স্কুটিক খুন্দিওৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয়।

এই পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰ ভাবে আহত হয়। দুৰ্ঘটনাৰ সন্মুখীন হোৱা দুয়োগৰাকী সম্পৰ্কত বায়েক-ভনীয়েক। দুয়োৰে ঘৰ ভোমোৰাগুৰি লালুংগাঁৱত।

দুৰ্ঘটনাত নিহত মহিলাগৰাকীৰ নাম নৱনীতা দেৱী আৰু আহত মহিলাগৰাকী নাম ববিস্মিতা দেৱী। বটদ্ৰৱাৰ ভোমোৰাগুৰিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে তীব্ৰ গতিত পলায়ন কৰে। ডাম্পাৰে স্কুটীখনক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় স্কুটিখনৰ আৰোহী নৱনীতা দেৱী নামৰ মহিলাগৰাকী। আহত হয় ৃস্কুটী চালিকা ভনীয়েক ববিস্মিতা দেৱী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in