নিলাম হ'ব নগঞা ৰাইজৰ অন্যতম আৱেগ 'চলন্ত পুথিভঁৰাল' !

নিলাম হ'ব নগঞা ৰাইজৰ অন্যতম আৱেগ 'চলন্ত পুথিভঁৰাল' !
নিলাম হ'ব নগঞা ৰাইজৰ অন্যতম আৱেগ 'চলন্ত পুথিভঁৰাল' !

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাত গ্ৰন্থ বিপ্লৱত বিশেষ অৰিহনা আগবঢ়োৱা জিলা পুথিভঁৰালৰ এক আপুৰুগীয়া সম্পদ "চলন্ত পুথিভঁৰাল"ক নিলামৰ সিদ্ধান্ত লোৱা হৈছে ৷ এই চলন্ত পুভিভড়াল এখন গাড়ী হ’লেও নগাঁৱৰ বৌদ্ধিক মহলৰ এক আৱেগ জড়িত হৈ আছে ৷ বিভাগৰ দৃষ্টিত এই চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাহনখন এখন অকামিলা সাধাৰণ বাহন হ'লেও নগঞা ৰাইজৰ বাবে ই এক আপুৰুগীয়া সম্পদ।

জিলাখনৰ গ্ৰাম্যাঞ্চলৰ গ্ৰন্থ প্ৰেমী ৰাইজৰ বহু আৱেগ অনুভূতি, স্মৃতি সংপৃক্ত হৈ আছে এই চলন্ত পুথিভঁৰালৰ সৈতে। তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত অসম চৰকাৰে এক মহৎ উদ্দেশ্য আগত ৰাখি ৬০ৰ দশকতে নগাঁও জিলা পুথিভঁৰাল কৰ্তৃপক্ষক যোগান ধৰিছিল "অসম ৰাজ্যিক চৰকাৰৰ চলন্ত পুথিভঁৰাল"নামেৰে এখন বিশেষ বাছ।

প্ৰকৃততে এই বিশেষ বাছখন আছিল এক ভ্ৰাম্যমাণ পুথিভঁৰাল। বৃহৎ জিলাখনৰ গ্ৰাম্যাঞ্চলত গঞা ৰাইজৰ মাজত পাঠক সৃষ্টি কৰি এক গ্ৰন্থ বিপ্লৱ সূচনা কৰা, শিশুসকলৰ মাজত কিতাপ পঢ়ি জগত চিনা আৰু জগত জিনাৰ বাসনা জগাই তোলাৰ উদ্দেশ্যে এই চলন্ত পুথিভঁৰালৰ ব্যৱস্থা কৰা হৈছিল।

চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাছখনত জাপে জাপে কিতাপ লৈ গাঁৱে গাঁৱে ঘূৰি গ্ৰন্হ আন্দোলনৰ সূচনা কৰা হৈছিল । পৰৱৰ্তীকালত এই চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাহনখন তত্বাৱধান আৰু মেৰামতিৰ অভাৱত অকামিলা হৈ পৰে।

বিশেষ ঐতিহ্য বহন কৰা এই চলন্ত পুথিভঁৰাল নামৰ বাছখন অকামিলা হোৱাৰ পাছতো কোনো এখন চৰকাৰেই বিক্ৰী কৰা নাছিল ৷ শেহতীয়াকৈ এই চলন্ত পুথিভঁৰালখন পুৰণা লোহাৰ দৰে নিলামত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সঞ্চালক (ভাৰপ্ৰাপ্ত)দীনামণি দাসে মেমো নম্বৰ SLA12/car Auction/2022-23/439 তাৰিখ ১৯-১১-২০২২মৰ্মে নগাঁও জিলা পুথিভঁৰালৰ পুথিভঁড়ালীলৈ এক পত্ৰ প্ৰেৰণ কৰি নগাঁও জিলা পুথিভঁৰালত অব্যৱহৃত বাহনসমূহৰ সন্দৰ্ভত জিলা উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ এখন নিলাম বিক্ৰী সমিতি গঠন কৰি বাহনৰ নিলামৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

নিৰ্দেশটোত নগাঁও জিলা পুথিভঁৰালত পৰি থকা চলন্ত বাহনৰ নিলামৰ কথা স্পষ্টকৈ উল্লেখ কৰা নাই যদিও জিলা পুথিভঁৰালত অব্যৱহৃত বাহন এখনেই আছে আৰু সেইখনেই হৈছে ঐতিহ্য বহনকাৰী "চলন্ত পুথিভঁৰাল"। নগাঁও জিলা পুথিভঁৰালৰ চলন্ত পুথিভঁৰাল নামৰ ঐতিহ্য বহনকাৰী বিশেষ বাছখন নিলামত বিক্ৰী কৰিবলৈ লাইব্ৰেৰী চাৰ্ভিচৰ সঞ্চালকৰ জৰিয়তে জিলা পুথিভঁৰালৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া ঘটনা পোহৰলৈ অহাত নগাঁৱৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বহুতেই এই ঐতিহ্য বহনকাৰী চলন্ত পুথিভঁৰাল নামৰ বিশেষ বাহনখন বিজ্ঞান সন্মত ৰূপত সংৰক্ষণৰ দাবী কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in